অসম

বৃহৎ পৰিমানৰ মূল্যবান কাঠ জব্দ শিমলীতোলাত

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: কামৰূপ-গোৱালপাৰা আৰু প্ৰতিবেশী দক্ষিণ বৰপেটাৰ চৰাঞ্চলত সম্প্ৰতি অহঃৰ্নিশে চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷দীৰ্ঘদিনৰে পৰা এই চোৰাং বেহা চলি থকাৰ পাছতো এই ব্যৱসায় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সমূলি ব্যৰ্থ বিয়াগোম বন বিভাগ ৷আজি বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলা বজাৰত সদম্ভে চলি থকা অবৈধ কাঠমিল এটা জব্দ কৰে জিলা বন বিভাগে ৷

কাঠ মিলৰ লগতে বুজন পৰিমানৰ মূল্যৱান কাঠো জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটিয়ে ৷ আৰক্ষীৰ সহযোগত এ চি এফ-নয়নজ্যোতি ৰাজবংশীৰ নেতৃত্বত চলে এই অভিযান ৷ স্মৰ্তব্য যে, বনবিষয়াগৰাকীয়ে কৰা মন্তব্য অনুসৰি চোৰাং কাঠ বেপাৰীয়ে অ’ত-ত’ত বনৰীয়া হাতী ওলোৱাৰ উৰাবাতৰিৰ প্ৰচাৰ চলাই বন বিভাগৰ লোকক হাতীৰ পাছত মৰিচিকা খেদাই ৰাখি অবাধ গতিত চোৰাং কাঠৰ বেহা চলাই আহিছে ৷

এতিয়াৰে পৰা চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অধিক তৎপৰতাৰে অভিযান চলিব হেনো জিলা বন বিভাগৰ ৷ বন বিভাগটোক আংগুষ্ঠ প্ৰদৰ্শনেৰে অতদিনে কাঠ ব্যৱসায়ীয়ে নীৰৱে ৰখাৰ গোপণ মন্ত্ৰটো সঠিককৈ ৰাইজে নাজানিলেও ৰহস্যৰ গোন্ধ ঠিকেই পায় অঞ্চলবাসীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close