অসম

বেছিমাৰীত অগপৰ বিশাল গণ সমাবেশ

দলগাঁৱৰ পৰা ৰফিক তালুকদাৰ, প্ৰথম খবৰ: সমাগত পঞ্চায়ত নিৰ্বাচনৰ অংশ স্বৰূপে আজি অসম গণ পৰিষদ চমুকৈ অগপই দলগাঁৱৰ বেছিমাৰীত বজালে নিৰ্বাচনী ৰণডংকা। বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাতে অৱস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত অগপৰ মহিলা মৰ্চাৰ অসম মহিলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত সভাত অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মূখ্য মন্ত্ৰী তথা দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামী, প্ৰাক্তন মন্ত্ৰী কমলা কলিতা, প্ৰাক্তন সাংসদ বীৰেন বৈশ্য, কলাইগাঁও বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মুকন্দৰাম চৌধুৰী সহ বহুকেইজন জেষ্ঠ অগপ নেতৃত্ব উপস্থিত থাকে।

মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী মামনি বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত প্ৰায় পাঁচ সহস্ৰাধিক জনতাক উদ্দেশ্যি প্ৰাক্তন মূখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় – ৰাষ্ট্রীয় নাগৰিক পঞ্জীক লৈ সংখ্যালঘু ৰাইজ শংকিত হোৱাৰ প্ৰয়োজন নাই। অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চলৈকে অসমত প্ৰৱেশ কৰা প্ৰতিজন হিন্দু-মুছলমানেই বৈধ ভাৰতীয় । নাম নোলোৱাকৈ মহন্তই অভিযোগ কৰি কয় যে, নাগৰিকপঞ্জীক লৈ কিছুমান লোকে অপ্-প্ৰচাৰ চলাই সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত সন্ত্ৰাস বিয়পাই আছে। সেয়ে তেওঁলোকৰ অপ-প্ৰচাৰক গুৰুত্ব নিদিবলৈ আহ্বান জনাই তেওঁ উপস্থিত জনতাক ধৰ্ম নিৰপেক্ষ আঞ্চলিক দল অগপ হাত শক্তিশালী কৰিবলৈ কয়। অগপৰ কাৰ্যকালত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই,  কংগ্ৰেছৰ আমোলত সংখ্যালঘুৰ জীৱন সম্পত্তিৰ সুৰক্ষা বিঘ্নিত হোৱা বুলি মহন্তই অভিযোগ কৰে।

দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত কয় যে, এসময়ত  দলগাঁও সমষ্টি অগপৰ দুৰ্গ আছিল। দলগাঁৱৰ পৰা অগপ চৰকাৰত মন্ত্ৰীও আছিল। অগপ দলৰ ভুলৰ বাবে অসমবাসী ৰাইজে অগপৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছক আকোঁৱালি লৈছিল। আজিৰ উপস্থিত জনতাই প্ৰমাণ কৰিলে যে দলগাঁৱৰ ৰাইজ পুনৰ অগপক আকোঁৱালি লৈছে। দলগাঁৱৰ ৰাইজ ৰাজনৈতিক ভাবে যথেষ্ট সজাগ বুলি মন্তব্য কৰি তেওঁ কয় যে অগপই হেৰুৱা দুৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হব বুলি বৰাই দৃঢ়তাৰে প্ৰকাশ কৰে। মুছলমান অধ্যুশিত দলগাঁৱৰ ৰাইজে যথেষ্ট পৰিশ্ৰমী। পুৰুষৰ সমান্তৰালকৈ মহিলা সকলো কৃষি কৰ্মত আত্ম-নিয়োগ কৰি স্বাভলম্বী হব পৰিছে। দলগাঁৱত উৎপাদিত পাচলি গোটেই অসমত সমাদৃত। ইফালে দলৰ স্থিতি স্পষ্ট কৰি প্ৰফুল্ল কুমাৰ মহন্ত আৰু অতুল বৰাই কয় যে, অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাৰ্যক অগপই সমৰ্থন নকৰে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত পুনৰ বিদেশীৰ বোজা জাপি দিব বিচাৰিছে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই গোপন অভিসন্ধি কেতিয়াও মানি লোৱা নহ’ব বুলি প্ৰাক্তন মূখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰে।

সাংবাদিকৰ এক প্ৰশ্নোত্তৰত অতুল বৰাই কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই অকলে প্ৰাৰ্থীত্ব আগবঢ়াব। জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী মুকুন্দৰাম চৌধুৰীৰ তথা বিধায়ক বৃন্দাবন গোস্বামীয়েও সমাগত পঞ্চায়ত নিৰ্বাচনত অগপ সমৰ্থিত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। অগপৰ হেৰুৱা দুৰ্গ পুনৰোদ্ধাৰ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া সময়ত স্পষ্ট হ’ব।

Related Articles

Leave a Reply

Close