Home / অসম / বোকাজানত দুজন বাইক চোৰ আটক, চাৰিখন বাইক উদ্ধাৰ

বোকাজানত দুজন বাইক চোৰ আটক, চাৰিখন বাইক উদ্ধাৰ

প্ৰথম খবৰ, বোকাজান: বোকাজানৰ খটখটী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি অসম -নাগালেণ্ড সীমান্তৰ লাহৰীজানৰ খান বস্তি পৰা দুই গভাইত বাইক চোৰৰ লগতে চাৰিখন বাইক উদ্ধাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা এয়াৰ পিষ্টলো জব্দ কৰে।

ঘটনাৰ বিৱৰণী মতে খটখটী আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা বাইক চোৰৰ লগত জড়িত গভাইত চোৰ এনামূল হকক বিচাৰি চলোৱা অভিযানত ডিমাপুৰৰ পৰা লাহৰীজানলৈ আহি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে । ধৃত চোৰটোৰ স্বীকাৰোোক্তিৰ ভিত্তিত আৰক্ষীয়ে লাহৰীজানৰ খান বস্তিত অভিযান চলাই এটা ঘৰৰ চৌহদৰ পৰা চাৰিখন চুৰি কৰি লুকুৱাই থোৱা চাৰিখন বাইক উদ্ধাৰ কৰাৰ লগতে ঘৰটোৰ পৰা আন এটা গভাইত চোৰ আটচু ইয়ামচাংগাৰক আটক কৰে।

লগতে তাৰ পৰা চুৰি কাৰ্যত ব্যৱহাৰ কৰা এটা এয়াৰ পিষ্টলো জব্দ কৰে। উল্লেখ্য যে ধৃত এনামূলৰ ঘৰ খটখটীত হোৱাৰ বিপৰীতে আটচু ইয়ামচাংগাৰে নাগালেণ্ডৰ পৰা আহি সীমান্তৰ লাহৰীজানৰ খান বস্তিত থাকি চুৰি কাৰ্য চলাই আহিছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ। সম্প্ৰতি খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে চোৰ দুটাক।

Leave a Reply

Your email address will not be published. Required fields are marked *

*