বিনোদনশীৰ্ষ

ব্ৰিটেইনৰ ব’ৰ্ডিং স্কুললৈ পঠিয়াব টাইমূৰক

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : ছ’চিয়েল মিডিয়াত প্ৰায় প্ৰতিখন ফটো ভাইৰেল হোৱা ষ্টাৰ কিড টাইমূৰ আলী খান। বলীউদৰ ষ্টাৰ ছেইফ আলী খান আৰু কৰীণা কাপুৰৰ সন্তান টাইমূৰক ব’ৰ্ডিং স্কুলত নামভৰ্তিৰ কৰাৰ কথা চিন্তা কৰিছে অভিভাৱকে।

ছেইফ আলী খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈছে যে ‘মোৰ সন্তানটিক সাধাৰণ মানুহৰ দৰে ডাঙৰ-দীঘল কৰিব বিচাৰোঁ। কিন্তু ভাৰতত টাইমূৰক তেনেকৈ ডাঙৰ কৰাতো অসুবিধা হ’ব। বৰ্তমান ৯ মহীয়া শিশুটি ইমান ফ’কাচত থকাটো উচিত বুলি মই নাভাবো। বৰ্ডিং স্কুলত থাকিলে ভাল সংগও পাব বুলি মই ভাবো।’

ষ্টাৰ কিডসকলে বিদেশত পঢ়া-শুনা কৰিবলৈ যোৱাটো কোনো নতুন কথা নহয়। এই তালিকাত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ’ব টাইমূৰ আলী খানৰ নাম।

Related Articles

Leave a Reply

Close