অসম

ব্ৰীজ অফ হফৰ বিনামূলীয়া চিকিৎসা শিবিৰ

প্ৰথম খবৰ, মুৰফুলনি: যোৰহাট বিলিভাৰ্চ চাৰ্চৰ আৰ্চ বিচপ জুৰিয়া বৰ্দন আৰু ডাঅচিয়ান চেক্ৰেটেৰী শিবু জন তথা ব্ৰীজ অফ হফৰ ৰিজিয়নেল কৰ্ডিনেটৰ ৰিতু তামাঙৰ অধীনস্থ গোলাঘাট জিলাৰ মুৰফুলনিৰ ১ নং কৌৱানীৰ ব্ৰীজ অফ হফ প্ৰজেক্টত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। ভাগ্যপুৰ প্ৰাথমিক স্বাহ্যকেন্দ্রৰ ভাৰপ্ৰাপ্ত চিকিৎসক ও স্বাহ্য বিষয়া ডা• প্ৰিয়ংকা দেৱী আৰু ডা• বিটু কুৰ্মীৰ নেতৃত্বত যোৱা এটা দলে চিকিৎসা সেৱা আগবঢ়ায় বুলি জানিবলৈ দিছে।

প্ৰজেক্টটোত অধ্যয়নৰত অঞ্চলটোৰ দৰিদ্ৰ ছাত্ৰছাত্ৰী আৰু স্থানীয় তিনিশৰো অধিক ব্যক্তিয়ে স্বাস্থ্য সেৱাৰ লগতে ঔষধো লাভ কৰে বুলি জুথম কুমাৰে জনাইছে। উল্লেখ্য যে, উজনি অসমৰ ১৬ খন ব্ৰীজ অফ হফ প্ৰজেক্টত দুই সহস্ৰাধিক দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে বিমামূলীয়া শিক্ষা, পুষ্টিকৰ খাদ্য, স্কুলীয়া সা-সামগ্ৰী, গৰম কাপোৰ, চাবোন-তেল আৰু অন্যান্য লাগতিয়াল বস্তু লাভ কৰাৰ লগতে আৰ্থিকভাৱে দুৰ্বল অভিভাৱক সকলেও কিছু পৰিমাণে সকাহ লাভ কৰিছে।

Related Articles

Leave a Reply

Close