শেহতীয়া
Home / অসম / বঢ়মপুৰত শিক্ষকৰ ৰূপত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত

বঢ়মপুৰত শিক্ষকৰ ৰূপত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: সমগ্র ৰাজ্যৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ সফলতাৰ পাছত শিক্ষা বিভাগে দ্বিতীয় পৰ্যায়ত অসমৰ বাৰখন জিলাত ১০ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ গুণোৎসৱৰ আয়োজন কৰিছিল।

গুণোৎসৱ উপলক্ষে নগাঁও জিলাৰ ৰূপহী শিক্ষা খণ্ড আৰু কঠিয়াতলী শিক্ষা খণ্ডৰ অধীনৰ পুৰণিগুদামৰ আৰু বঢ়মপুৰৰো সকলো বিদ্যালয় নৰূপত বিদ্যালয় কৰ্তৃপক্ষই সজাই তুলিছে। ১০অক্টোবৰত আৰম্ভ হোৱা গুণোৎসৱ অহা কাইলৈ সামৰণি পৰিব যদিও এতিয়াও ব্যস্ততা কমা নাই বিদ্যালয় কতৃপক্ষৰ।

যোৱা নিশালৈকে পুৰণিগুদাম আৰু বঢ়মপুৰৰ প্ৰায় সমূহ বিদ্যালয়ৰ কৰ্তৃপক্ষক গুণোৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকা দেখা গ’ল। উক্ত গুণোৎসৱ অনুষ্ঠানত নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দেখা গ’ল শিক্ষকৰ ৰূপত। যোৱা কালি বিধায়ক গৰাকীয়ে বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ শ্বহীদ ঘোগৰ গাঁও বালিকা বিদ্যালয়ত উপস্থিত হৈ শিক্ষক ৰূপত অৱতীৰ্ণ হোৱাৰ পাছত আজিও বিধায়ক গৰাকী পোটনী শ্বহীদ বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশ পৰ্যবেক্ষণ কৰে।

পোটনী শ্বহীদ বালিকা প্ৰাথমিক বিদ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত উপস্থিত হৈ চৰকাৰী বিদ্যালয়সমূহৰ পৰিৱৰ্তন অনাৰ কথা উল্লেখ কৰি গুণোৎসৱে চৰকাৰী বিদ্যালয়ৰ অতীতৰ সেই সোণালী দিন ঘূৰাই আনিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*