অসম

বঢ়মপুৰৰ ৪-০ গলৰ ব্যৱধানত বিজয়ী জুবিন একাদশ

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁৱৰ বঢ়মপুৰস্থিত শ্বহীদ স্মৃতি আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি বিয়লি অনুষ্ঠিত এখন প্ৰীতি ফুটবল খেল মেছত জুবিন একাদশে কচকো ক্লাৱক ৪-0 গলৰ ব্যৱধানত পৰাজিত কৰে। নগাঁও জিলা আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে উদ্বোধন কৰা খেলখনত জুৱিন একাদশৰ হৈ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ, বাবু বৰুৱা, সুনীল বৰা আৰু অজয় ফুকনে এটাকৈ গল দিয়ে। কেইবা শতাধিক দশৰ্কৰ উপস্থিতিত বঢ়মপুৰ কচকো ক্লাবৰ ব্যৱস্থাপনাত আয়োজিত খেলখনৰ জৰিয়তে জুবিন গাৰ্গে চমুতে মুক্তি পাব লগা ‘প্ৰিয়াৰ প্ৰিয়া’নামৰ চিনেমাখনৰ প্ৰচাৰভিযান চলায়।

উল্লেখ্য যে, কলাগুৰু বিষ্ণুৰাভা ফাউনণ্ডেছনৰ সাহায্যাৰ্থে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে জুবিন একাদশে এনেদৰে খেল প্ৰদৰ্শন কৰি আহিছে।

Related Articles

Leave a Reply

Close