শেহতীয়া
Home / অসম / বৰপেটাৰোডত জিলা ভিত্তিত অগপৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি

বৰপেটাৰোডত জিলা ভিত্তিত অগপৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি

প্ৰথম খবৰ, বৰপেটাৰোড: অসমৰ আঞ্চলিকতাবাদৰ মেৰুদণ্ড স্বৰূপ অসম গণ পৰিষদ দলৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত বৰপেটা জিলা ভিত্তিত এইবাৰ বৰপেটাৰোডত অনুষ্ঠিত হ’ব। বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বৰপেটাৰোড নগৰ সমিতিৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিষ্ঠা দিৱসক লৈ এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। আজি এইলৈ বৰপেটাৰোড প্ৰেছ ক্লাৱত এখনি সংবাদ মেল অনুষ্ঠিত হয়।

সংবাদ মেলত জনোৱা মতে, সেই দিনাখন ১০ বজাত বিধায়ক তথা বৰপেটা জিলা অগপৰ সভাপতি গুনীন্দ্ৰ নাথ দাসে বৰপেটাৰোড সাহিত্য সভা ভৱন প্ৰাঙ্গনত অগপ দলৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। তাৰ পিছতে শ্বহীদ তৰ্পন আৰু ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। কেইবা গৰাকী কেন্দ্ৰীয় সমিতিৰ নেতাই অংশ গ্ৰহণ কৰিবলগীয়া উক্ত সভাত অইন দলৰ ভালেকেইজন বৰপেটাৰোড অঞ্চলৰ নেতা- কৰ্মীয়ে আনুষ্ঠানিক ভাৱে অগপ দলত যোগদান কৰিব। সন্ধিয়া ৫.৩০ বজাত অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত ৮৫৫ গছি বন্তি প্ৰজ্বলন বৰপেটাৰোডৰ চাৰি মূৰ্ত্তি উদ্যানত কৰা হ’ব।

উক্ত স্থানতে দেশপ্ৰেম মূলক কবিতা আবৃতি আৰু গীতৰ শৰাইয়ো আগবঢ়োৱা হ’ব। আজিৰ এই সংবাদ মেলত উপস্থিত থাকে বৰপেটাৰোড নগৰ সমিতিৰ সভাপতি খগেন শৰ্মা, সম্পাদক কাৰ্তিক তালুকদাৰ, অগপ নেতা বনমালী পাঠক , ডিম্বেশ্বৰ দাস, জগন্নাথ দাস, হেমেন দাস আৰু গিৰীন দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*