অসম

বৰপেটাৰ কাকধোৱাত শিশুৰ সলিল সমাধি

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকধোৱা ৰিজাৰ্ভ চেন্টাৰ এলেকাত আজি আবেলি প্ৰায় চাৰি বজাত পুখুৰীত পৰি এটি শিশুৰ সলিল সমাধি ঘটাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। সলিল সমাধি ঘটা শিশুটো কাকধোৱা ৰিজাৰ্ভ চেণ্টাৰ এলেকাৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ছুৰত জামাল(৫) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে ছুৰত জামাল আৰু তেওঁৰ ভাতৃয়ে খেলি থাকোতে ঘৰৰ ওচৰত থকা পুখুৰী এটিত দুয়ো পৰি যায়। কিছু সময় পিছত স্থানীয় লোকে ছুৰতৰ ভাতৃক পুখুৰীৰ পৰা জীৱন্তে উদ্ধাৰ কৰে যদিও ছুৰতৰ সন্ধান পোৱা নাছিল। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হয় আৰু ছুৰত জামালক পুখুৰীৰ পৰা উদ্ধাৰ কৰি চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসকে শিশুটোক মৃত বুলি ঘোষণা কৰে।

Related Articles

Leave a Reply

Close