অসম

বৰপেটাৰ কাৱৈমাৰিৰ নিদাৰুণ পুত্ৰ -বোৱাৰীৰ নিলৰ্জ্জ কাণ্ডক ধিক্কাৰ

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: বৰপেটা জিলাৰ কাৱৈমাৰিৰ এটা পৰিয়ালে নিৰ্যাতন চলোৱা এক আৱেগিক কাহিনী। নিজৰ পুত্ৰ -বোৱাৰী, কন্যা, নাতি -নাতিনীৰ দ্বাৰা চৰম অৱহেলিত হোৱাত অঞ্চলটোৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছিল।

উল্লেখ্য যে, নলবাৰীৰ মানৱদৰদী সাংবাদিক মজিবুৰ ৰহমানে পৰিচালনা কৰা শান্তি নিবাস অনাথ আশ্ৰমত বৰপেটা জিলাৰ কাৱৈমাৰিৰ বৃদ্ধ( 95 )প্ৰবীন চন্দ্ৰ বৰ্মনৰ বাৰ্ধক্যজনিত কাৰণতে দেওবাৰে নিশা চিকিৎসাধীন অৱস্থাত নলবাৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। পৰিতাপৰ বিষয় যে এইগৰাকী বৃদ্ধৰ আপোন পুত্ৰ, বোৱাৰী, জী-জোৱাই আৰু পত্নীৰ দ্বাৰা উপেক্ষিত, নিৰ্যাতিত হৈ অলিয়ে-গলিয়ে ঘূৰি ফুৰা অৱস্থাৰ পৰা প্ৰায় ন মাহ পূৰ্বে বৰপেটা জিলাৰ কাৱৈমাৰি অঞ্চলৰ পৰা সেই অঞ্চলৰ কেইজনমান সচেতন যুৱক, সৰ্থেবাৰী থানাৰ আৰক্ষী আৰু সাংবাদিক নকুল তালুকদাৰৰ সহযোগত নলবাৰী শান্তি নিবাস অনাথ আশ্ৰমৰ পৰিচালক মজিবুৰ ৰহমানে দুই সতীৰ্থ সাংবাদিক জ্ঞানজ্যোতি শইকীয়া আৰু অৰবিন্দ চক্ৰৱৰ্তীৰ সৈতে লগ হৈ উদ্ধাৰ কৰি আনি আশ্ৰয় দিছিল আশ্ৰমত।

বিগত ন মাহে পুত্ৰ -বোৱাৰী, কন্যা, পত্নীক দেখাৰ বাবে ব্যাকুল হৈ থাকিলেও বৃদ্ধ প্ৰবীন চন্দ্ৰ বৰ্মনে বৰ শান্তি আৰু হেপাঁহেৰে আছিল আশ্ৰমৰ আৱাসীৰে সৈতে। অৱশেষত দেওবাৰে নিশা বৃদ্ধ বৰ্মনৰ মৃত্যু হয়। ইফালে আজি সোমবাৰে বৃদ্ধৰ মৃত্যুৰ খবৰ জনোৱা হৈছিল তেওঁৰ নিদাৰুণ পুত্ৰ -কন্যাক। কিন্তু দুখৰ কথা যে বৃদ্ধাৰ পুত্ৰ -জোঁৱাই নলবাৰীত আহে যদিও অস্বীকাৰ কৰিলে পিতৃ তথা শহুৰৰ মৃতদেহ লৈ যাবলৈ। মাত্ৰ আইনী প্ৰক্ৰিয়াখিনি সমাপন কৰি সেইকেইজন হৃদয়হীন পুত্ৰ -জোঁৱায়েক গুছি গ’ল নিজ গৃহলৈ। আনকি মৃত ব্যক্তিগৰাকী সম্বন্ধে নানা ধৰণৰ আশ্ৰব্য মন্তব্য হে কৰি যায়। এনে ক্ষেত্ৰত দেওবাৰে মৃত্যু হোৱা বৃদ্ধ গৰাকীৰ মৃতদেহ আজি সোমবাৰে নলবাৰী ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পূৰ্ণ হিন্দু ধৰ্মৰ বৈদিক নিয়মেৰে সম্পন্ন কৰা হয় ।

সাংবাদিক মজিবুৰ ৰহমানে হিন্দু ধৰ্মৰ লোক প্ৰবীন চন্দ্ৰ বৰ্মনৰ মৃতদেহত মুখাগ্নি কৰি সম্প্ৰীতিৰ ও নিদৰ্শন দাঙি ধৰিলে। তদুপৰি সচেতন ৰাইজে সাংবাদিক ৰহমানক প্ৰশংসা কৰাৰ লগতে নিজৰ পত্নী, জন্মদাতা পুত্ৰ, কন্যাৰ ভূমিকাক তীব্ৰ গৰিহণা দিয়ে।

Related Articles

Leave a Reply

Close