অসম

বৰপেটা মুছলিমপট্টী চেহেৰী ক্লাৱৰ সোণালী জয়ন্তী উদযাপন

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: বৰপেটাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান চেহেৰী ক্লাৱৰ সোণালী জয়ন্তীৰ আয়োজন কৰা হৈছে। ১৯৬৭ চনত জন্ম লভা চেহেৰী ক্লাৱে এইবেলি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। চেহেৰী ক্লাৱ গঠন হোৱাৰ উদ্দেশ্য আছিল মূলতঃ ৰমজান মাহত ৰোজাদাৰ সকলক গজল শুনাই জগাই দিয়ে।

অহা ডিচেম্বৰ মাহৰ ১৫, ১৬, ১৭ তাৰিখে চেহেৰী ক্লাৱে উদযাপন কৰিব সোণালী জয়ন্তী। সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ’ব আলোচনা চক্ৰ, কুইজ, আবৃত্তি, চিত্ৰাংকণ, ফুটবল, শিশু সৌন্দৰ্য প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান।
সমুহ কাৰ্যসূচীতে উদ্যোক্তা সকলে ৰাইজৰ সহায় সহযোগিতা ও উপস্থিতি কামনা কৰিছে।

Related Articles

Leave a Reply

Close