অসম

বৰমা কদম ত’লত শ্ৰীশ্ৰী গোপাল থানত ধৰ্মীয় উৎসৱ

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: বৰমা কদম ত’লস্থিত শ্ৰীশ্ৰী গোপাল থানত অহা ৮ অক্টোবৰত ৰাজহুৱাভাৱে এখনি শৰাই আগবঢ়োৱাৰ লগতে দিনযোৰা কাৰ্যক্ৰমণিকাৰে নৱম বাৰ্ষিক ধৰ্মীয় উৎসৱ উদ্‌যাপনৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি ৮ অক্টোবৰৰ পুৱা ৬ বজাত শৰাই স্থাপন। পুৱা ৬.৩০ বজাত প্ৰাত: প্ৰসঙ্গ। পুৱা ৮ বজাত গৰখীয়া সেৱা। পুৱা ৮.৩০ বজাত ভাগৱত শোভা যাত্ৰা। পুৱা ৯ বজাত গীতা পাঠ।

পুৱা ১০.৩০ বজাত আয়তী সকলৰ সমূহীয়া নাম কীৰ্ত্তন। দুপৰীয়া ১২ বজাত শৰাই বিসৰ্জন ও প্ৰসাদ বিতৰণ। আবেলি ১ বজাত সিদ্ধ প্ৰসাদ বিতৰণ। আবেলি ১.৩০ বজাত নাগাৰা নাম প্ৰদৰ্শন। সন্ধিয়া ৫ বজাত সমূহীয়া বন্তি প্ৰজ্বলন। সন্ধিয়া ৫.১৫ বজাত শৰাই স্থাপন। সন্ধিয়া ৫.৩০ বজাত সন্ধ্যা প্ৰসঙ্গ। সন্ধিয়া ৭ বজাত নাগাৰা নাম প্ৰদৰ্শন। নিশা ১২ বজাত শৰাই বিসৰ্জন। প্ৰতিটো কাৰ্যসূচীত সকলো ধৰ্ম প্ৰাণ ৰাইজৰ দিহা পৰামৰ্শ, সহায় সহযোগিতা কামনা কৰিছে আয়োজক সকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close