অসম

বৰলুইতক শান্ত কৰিবলৈ মৰিগাঁও জিলাৰ জাপৰি গাঁৱৰ ৰাইজে আৰম্ভ কৰিছে নেদেখা জনৰ ওচৰত পূজা অৰ্চনা

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: ২০১৫ চনতে ৰাজ্য চৰকাৰে আদৰ্শ গাঁও হিছাপে স্বীকৃতি পোৱা এখন গাঁৱৰ ৰাইজে আজি শৰণাপন্ন হৈছেহি নেদেখা জনৰ ওপৰত। অঞ্চলটোৰ পুৰুষ মহিলা সকলোৱে মিলি আজি ব্ৰহ্মপুত্ৰৰ পাৰত আৰতি কৰে ভগৱানৰ ওচৰত । তদুপৰি কোটি কোটি টকা ৰাজকোষৰ ধন ব্যয় কৰি ৰাজ্য চৰকাৰে ধুমধামেৰে পাতিছিল নমামি ব্ৰহ্মপুত্ৰ উৎস।

ৰাইজে ভাবিছিল এইবাৰ নিশ্চয় শান্ত হ’ব বৰলুইত। কিন্তু নহ’ল। পুনৰ বৰলুইতে চলালে তাণ্ডৱ। শ শ লোকে ঘৰ মাটি হেৰুৱাই সৰ্বস্বান্ত আজি। সেয়েহে আজি মৰিগাঁও লাহৰীঘাটৰ জাপৰী অঞ্চলৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ পাৰত নেদেখা জনক পূজা অৰ্চনাৰ লগতে নাম কীৰ্তনেৰে উপাসনা আৰম্ভ কৰা দেখা গ’ল। ৰাইজৰ এতিয়া ভৰসা একমাত্ৰ নেদেখা জনৰ ওপৰত। সেয়ে ব্ৰহ্মপুত্ৰৰ পাৰত এই পূজা অৰ্চনা।

Related Articles

Leave a Reply

Close