অসম

ভক্তিমূলক গীতৰ সংগীত উন্মোচন

নামতি পৰা ৰূপম বৰবৰা, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিঙত দুটাকৈ ভক্তিমূলক গীতৰ সংগীত উন্মোচন হয়। চাৰিং অঞ্চলৰ উদীয়মান যুৱক মানস চাৰিং আৰু বিকাশ বাবাৰ পৰিচালনাত মুক্তি পোৱা শংকৰ-মাধৱ আৰু ভক্তি সৰোৱৰ উন্মোচন কৰে গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী, লেখক সুৰেন্দ্ৰ নাথ গোস্বামী আৰু আমগুৰিৰ সংবাদদাতা নৱনীতা গগৈ দুৱৰাই।

পঞ্চী প্ৰডাকচনৰ উদ্যোগত চাৰিং দুৱাৰাপাৰ নামঘৰত উন্মোচন হোৱা  অনুষ্ঠানত ভক্তিমূলক কেছেটত কণ্ঠদান কৰা শিল্পীসকলে ভক্তিমূলক গীত পৰিৱেশন কৰে। অনুষ্ঠানত গুৱাহাটীৰ সমাজকৰ্মী, লেখক সুৰেন্দ্ৰ নাথ গোস্বামী আৰু  আমগুৰিৰ সংবাদদাতা নৱনীতা গগৈক সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Close