শেহতীয়া
Home / অসম / ভয়ানক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই কলেজীয়া ছাত্ৰী

ভয়ানক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই কলেজীয়া ছাত্ৰী

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: আজি বিয়লি ভাগত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ সমীপত মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী ৰৈ থকা অৱস্থাত এখন তীব্ৰবেগী পানী বটল কঢ়িওৱা মিনি ট্ৰাকে মহতিয়াই লৈ যায় ছাত্ৰীদ্বয়ক৷ অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱা চালকজনৰ বাবে এই ভয়ানক দুৰ্ঘটনা সংঘটিত হ’ল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলে দিয়ে৷ এই ভয়াৱহ দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আঘাত পাই মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী মাইনা ৰাজোৱাৰ আৰু কবিতা কুৰ্মীয়ে৷

এই দুৰ্ঘটনাত আহত দুগৰাকীৰ এগৰাকীৰ অৱস্থা অতি সংকটজনক আৰু বৰ্তমানলৈ সংজ্ঞা ঘুৰাই পোৱা নাই৷ দুয়োকে টীয়ক এফ আৰ ইউ পৰা যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ তাৎপৰ্য পূৰ্ণ কথা এনে এক পৰিস্থিতিত ঘটনাৰ খবৰ পাইয়ে ছাত্ৰী দুগৰাকীৰ অভিভাৱক আৰু স্থানীয় ৰাইজে মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ সময়তে এজন অভিভাৱকক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ লগতে অশ্লীল বাক্যবান কৰাৰ অভিযোগ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয়কৃষ্ণ পাচঁনীৰ বিৰুদ্ধে৷

বহু বিতৰ্কৰে সংবাদ মাধ্যমত শিৰোনাম লোৱা অধ্যক্ষজনৰ চৰম সীমা অতিক্ৰম কৰা কাৰ্যত ক্ষোভিত হৈ ঘটনা সংঘটিত হোৱাৰ ২ ঘণ্টাৰ পিছতে জগদুৱাৰ লক্ষী ফিল্ডত ৰাজহুৱা সভা অনুস্থিত কৰি স্থানীয় ৰাইজে উক্ত ঘটনাক তীব্ৰভাৱে সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে অধ্যক্ষক ৰাজহুৱা ক্ষমাৰ দাবীত অধ্যক্ষক স্মাৰক পত্ৰ দিয়াৰ কথাও সংবাদ মাধ্যমত ব্যক্ত কৰে৷ আৰু প্ৰয়োজনত জংগী আন্দোলন ল’বলৈ প্ৰস্তুত বুলি আমাক স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*