অসম

মন্ত্ৰী অতুল বৰাই একেদিনাই শুভাৰম্ভ কৰিলে বোকাখাতৰ ৫ টাকৈ কাম

প্ৰথম খবৰ, বোকাখাত: বোকাখাতৰ বিভিন্ন সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ কৃষি, নগৰ উন্নয়ন আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই। সোমবাৰে বোকাখাত নগৰ সমিতি কাৰ্যালয়ত অনুস্থিত সভাত উপস্থিত থাকি বোকাখাত নগৰ সমিতি খনক পৌৰসভালৈ উন্নিতকৰণ কাৰ্য্য আনুষ্ঠানিক ভাৱে মুকলি কৰে।

ইয়াৰ পিছত বোকাখাত নগৰৰ ষঠপূজাৰ ঘাটৰ পথৰ লগতে বোকাখাত ২ আৰু ৩ নং ৱাডৰ ২ পথৰ কাম শুভাৰম্ভ কৰে। বোকাখাতৰ লতাবাৰিত নুমলীগড় তেল শোধনাগাৰৰ অনুদানেৰে নিৰ্মাণ হব লগা জাবৰ নিস্কাশন প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ লগতে বোকাখাতৰ মীন পামত পৰ্যটকৰ বাবে উদ্যান নিৰ্মাণ আৰু বোকাখাতৰ দৈনিক বজাৰৰ লাচিত মাৰ্কেট ৰাইজৰ বাবে শুভ উদ্বোধন কৰে।

বোকাখাতৰ বিভিন্ন সমস্যা সমাধানৰ বাবে মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক বোকাখাত বাসীয়ে শলাগ লৈছে।

Related Articles

Leave a Reply

Close