অসম

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান চুতীয়া ছাত্ৰ সন্থাৰ

প্ৰথম খবৰ, চিচিবৰগাঁও: চৰকাৰী কেইবাটাও কাৰ্যসূচী হাতত লৈ কালি চিলাপথাৰত উপস্থিত হোৱা অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক গিৰীন চুতীয়াৰ নেতৃত্বত যোৱা সজাঁতি দলে চিচিবৰগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা মন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰি চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে ১৯৮৪ চনত স্থাপিত হোৱা স্বাস্থ্যকেন্দ্ৰটোত শিশু, চকু, কাণ-নাক আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকৰ নিযুক্তিৰ লগতে জৰুৰীকালীন সেৱাৰ বাবে ১০৮ গাড়ী যোগানসহ স্বাস্থ্যকেন্দ্ৰটো ১০০ খন বিছনাযুক্ত কৰাৰ দাবীত চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি হীৰকজ্যোতি ভূঞা, কাৰ্যকৰী সভাপতি ৰাজা চুতীয়া আৰু সম্পাদক জ্যোতিপ্ৰসাদ চুতীয়াৰ স্বাক্ষৰসম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে।

ইফালে সন্থাই বানে গৰকা চিচিবৰগাঁৱৰ উচ্চ শিক্ষাৰ একমাত্ৰ অগ্ৰণী শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ৰ চৌহদৰ বেৰ নিৰ্মাণ আৰু উন্নয়ন, শ্ৰেণীকোঠাৰ অভাৱ দূৰ কৰা, পুথিভঁৰাল উন্নয়ন, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখাৰ সংযোজন, চিচিবৰগাঁও মজলীয়া বিদ্যালয় আৰু চিচি ভেবেলী প্ৰাথমিক বিদ্যালয়ৰ আন্তঃ গাঁথনি উন্নয়ন আৰু সোণালী বৰ্ষ অতিক্ৰম কৰা চৌখামটিং প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু আন্তঃ গাঁথনিৰ সন্দৰ্ভতো স্মাৰক পত্ৰত উল্লেখ কৰা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, মন্ত্ৰী শৰ্মাই বিষয়কেইটাৰ ওপৰত তৎকালে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close