শেহতীয়া
Home / অসম / মহানগৰীত ভয়াৱহভাৱে বাঢ়িছে ডেংগী ৰোগী

মহানগৰীত ভয়াৱহভাৱে বাঢ়িছে ডেংগী ৰোগী

প্ৰথম খবৰ, গুৱাহাটীঃ মহানগৰীত এতিয়া ডেংগী ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। চুকে-কোণে শ শ ডেংগী ৰোগী ধৰা পৰিছে৷  ২জনৰ মৃত্যুও হৈছে এই ৰোগত। কিন্তু ইমানৰ পিছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷  প্ৰতি বছৰে  ডেংগী ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰে যদিও প্ৰশাসন, চৰকাৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থকা দেখা নাযায়৷  মহানগৰীত ইতিমধ্য়ে ২জন লোকৰ মৃত্যু হোৱাৰ লগতে শ শ ডেংগী ৰোগী ধৰা পৰিছে৷  মহানগৰীৰ খাৰঘুলি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, খানাপাৰা, উজানবজাৰ, কাহিলীপাৰা, চানমাৰি,জ্যোতিনগৰ,  ছয়মাইল আদি ঠাইত বহু লোক আক্ৰান্ত হৈছে ডেংগীত।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, এমএমচিত বহু ৰোগীয়ে হাহাকাৰ কৰিব লগা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*