শেহতীয়া
Home / অসম / মহুৰামুখত মটৰচাইকেল আৰু টাটা এচিৰ মুখামুখি সংঘৰ্ষ

মহুৰামুখত মটৰচাইকেল আৰু টাটা এচিৰ মুখামুখি সংঘৰ্ষ

প্ৰথম খবৰ, খুমটাই: কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মহুৰামুখ ভৰালীপাৰত আজি আবেলি পৰত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাবে আহত হয়।
প্ৰত্যক্ষদৰ্শী মতে এখন ক’লা ৰঙৰ পালচাৰ মটৰ চাইকেল আৰু এখন বগা ৰঙৰ টাটা এচিৰ মুখামুখি সংঘৰ্ষৰ ফলত মটৰচাইকেল আৰোহী এজন থিতাতে নিহত হোৱাৰ লগতে আনজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে টাটা এচিখন পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।
স্থানীয় ৰাইজে ততাতৈয়াকৈ ১০৮ যোগে দুয়োকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰি দিয়ে।
দুৰ্ঘটনাটোত নিহত মটৰচাইকেল আৰোহীজন মহুৰামুখ ১ নং গৰৈমাৰী নৰকান্ত দাসৰ পুত্ৰ মাইনো দাস(২৭) আৰু আহত আৰোহীজন মহুৰামুখ নামটেমেৰা গাঁৱৰ ললিত কুমাৰ বৰি পুত্ৰ আদিত্য বৰি(২১) বুলি চিনাক্ত কৰা হৈছে।
বাতৰি লিখা পৰলৈকে কমাৰগাঁও আৰক্ষীয়ে টাটা এচি গাড়ীখনৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*