অসম

মাজুলীত অগ্নিকাণ্ড

মাজুলীৰ পৰা ৰিদিপ বৰা, প্ৰথম খবৰ: মাজুলীত বিধ্বংসী অগ্নিকাণ্ড, পোন্ধৰ মিনিটত জ্বলি ভস্ম হ’ল এটা ঘৰ। মাজুলী সদৰৰ গাতে লাগি থকা চিতাদাৰ চুকৰ লাক্ষীপ্ৰসাদ পায়েং নামৰ ব্যক্তি জনৰ ঘৰত জুহালৰ পৰা এই জুইৰ সূত্ৰপাত হয়। প্রায় পোন্ধৰ মিনিটত জ্বলি ভস্ম হয় ঘৰটো।

বিধ্বস্ত ৰাষ্টাৰ বাবে অগ্নি বাহিনী গাড়ী গৈ পোৱাত পলম হয়। গাড়ী গৈ পোৱাৰ পূৰ্বে জুয়ে নিঃশেষ কৰে ঘৰটো। প্ৰায় পাঁচ লাখ টকাৰ সম্পত্তি হানি হয় অগ্নি কাণ্ডৰ ফলত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close