অসমশীৰ্ষ

মাজুলীত ৰাৱণৰ দৰবাৰ

মাজুলীৰ পৰা ৰিদিপ বৰা, প্ৰথম খবৰ: মাজুলীত ওলাইছে বৃহৎ আকাৰৰ ৰাৱণ আৰু ৰাৱণৰ ভাতৃ কুম্ভ কৰ্ণ। হয় বৰ্তমান হেৰাই যাব ধৰা বৰ মুখা। শ্ৰীমন্ত শংকৰ দেৱে প্ৰথমে ভাওনাত এই মুখা ব্যৱহাৰ কৰিছিল, যি বোৰ মুখা আমাৰ সাধাৰণ মুখত ৰং সানি অভিনয় কৰিব নোৱাৰি, এনে কিছুমান অতি মানৱ চৰিত আছে যিবোৰ মুখা নহ’লে অভিনয় কৰিব নোৱাৰি।

বৰ্তমান বৰমুখা সমূহ লুপ্ত প্ৰায়, কিন্তু চামগুৰি সত্ৰত এই পৰম্পৰা জীয়াই ৰাখিছে বিশিষ্ট মুখা শিল্পী ডঃ হেমচন্দ্ৰ গোশ্বামি আৰু তেওঁ শিষ্য সকলে। বৰ্তমান তিনিখন বৰ মুখা ৰাৱণ,কুম্ভ কৰ্ণ ,আৰু নিশিংহৰ বৰ মুখা। এই তিনিখন মুখা ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ নৃতত্ব বিভাগৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰিব।

বাঁহ কাপোৰ, কুমাৰ মাটিৰে প্ৰায় তিনি মাহৰ সময়ত নিৰ্মাণ কৰি উলিয়াইছে প্রায় দহ ফুট উচ্চতাৰ মুখা কেইখন। ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ সাধাৰণ সম্পাদকগৰাকী চামগুৰি সত্ৰত উপস্থিত হৈ মন্তব্য দিয়ে যে হেৰাই যাব ধৰা বৰ মুখা কেইখন বিশ্ববিদ্যালয়ত থাকিলে ছাত্ৰ-ছাত্ৰীসকলে আগৰলৈকে বৰ মুখা বিষয়ে জানিব বা তাত দেখি মাজুলীৰ মুখা বিষয়ে জানিবলৈ মাজুলীলৈ আহিব।

Related Articles

Leave a Reply

Close