অসম

মাৰ্ঘেৰিটাৰ চোৰাং কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজন কয়লা মাফিয়া গ্ৰেপ্তাৰ

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: উজনি অসমৰ বৃহত্তৰ মাৰ্ঘেৰিটা অন্ঞ্চলৰ অবাধ চোৰাং কয়লা বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে শেষতীয়াকৈ আৰম্ভ কৰিছে অভিযান। আজি নামদাঙত অভিযান চলাই অবৈধভাৱে কয়লা খননত জড়িত নিতুল চেতিয়া নামৰ এজন কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে অৰুণাচলৰ সীমান্তৱৰ্তী নামদাঙৰ অবৈধ কয়লা খনন আৰু সৰবৰাহত জড়িত আৰু বহু কেইজনৰ নামত গোচৰ ৰজু কৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰৰ আগতীয়াকৈ খবৰ পাই উক্ত কয়লা ব্যৱসায়ীকেইজন মাৰ্ঘেৰিটাৰ পৰা পলায়ণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, জে চি বি আৰু এল এন টি ব্যৱহাৰ কৰি ৰাজনৈতিক প্ৰভাৱ পুষ্ট কয়লা ব্যৱসায়ীয়ে খনন কৰিছিল পাটকাই পৰ্বতৰ গৰ্ভৰ পৰা অবাধ হাৰত কয়লা। গুৰু গোসাঁই নমনা হোৱা ৰাজনৈতিক প্ৰভাৱপুষ্ট কয়লা ব্যৱসায়ীৰ অবাধ লুন্ঠনে পৰিস্থিতি ভয়াবহ কৰি তোলাৰ সময়ত আৰক্ষী য়ে অভিযান আৰম্ভ কৰিছে যদিওঁ একাংশ কয়লা ব্যৱসায়ীয়ে বৰ্তমানেও চোৰাং কয়লা সৰবৰাহ কৰি থকা বুলি প্ৰকাশ।

উল্লেখনীয় যে, ১৯ অক্টোবৰত অভিযান চলাই মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলৰ পৰা দুখন মেক্স জাতীয় গাড়ীত বোজাই ৰখা কয়লা জব্দ কৰাৰ লগতে ৭ জন কয়লা চুৰক আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষী।

Related Articles

Leave a Reply

Close