অসম

মাৰ্ঘেৰিটা নগৰ সমিতিৰ ক্ষমতা কেন্দ্ৰীক ৰাজনীতি, উপাধ্যক্ষ হিচাপে নিৰ্বাচিত আনন্দ শৰ্মা

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: আঠ সদস্য বিশিষ্ট মাৰ্ঘেৰিটা নগৰ সমিতি খনে মাত্ৰ আঢ়ৈ বছৰ সম্পূৰ্ণ কৰোতেই ক্ষমতাকেন্দ্ৰীক লবী ৰাজনীতিত জৰ্জৰিত হৈ পৰিছে। পৰিস্থিতি এনে পৰ্যায়ৰ পায়গৈ যে আজি মহকুমাধিপতি বিক্ৰম কৈৰীৰ উপস্থিতিত নগৰ সমিতি খনৰ উপাধ্যক্ষ ভীম কৰ্মকাৰে আস্থাৰ ভোটৰ সন্মুখীন হ’ব লগা হয় আৰু ৬-২ ব্যৱধানত পৰাজিত হৈ অপসাৰিত হয় পদবীৰ পৰা। এই ভোট যুদ্ধত কৰ্মকাৰক পৰাজিত কৰি উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয় আনন্দ শৰ্মা।

উল্লেখযোগ্য যে, কংগ্ৰেছ দলৰ দখলত দুটাকৈ কাৰ্যকাল থকা নগৰ সমিতি খন বিগত নিৰ্বাচনত বিজেপিৰ দখললৈ আহিছিল। ৮- ০ ব্যৱধানত পৰাভূত হৈছিল গেৰুৱা দলটোৰ হাতত কংগ্ৰেছ প্ৰাৰ্থী। পৰিৱৰ্তনৰ স্বাৰ্থত নগৰ বাসীয়ে ভোট দান কৰি এইদৰে একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতাধিষ্ঠ কৰিছিল গেৰুৱা দলটোৰ প্ৰাৰ্থীক। নগৰ সমিতিখনৰ নিৰ্বাচনৰ পাছত উপ সভাপতি পদবীক লৈ ভীম কৰ্মকাৰ আৰু আনন্দ শৰ্মাৰ মাজত ব্যাপক সংঘাট হৈছিল। পাছত আঢ়ৈ বছৰৰ ব্যৱধানত পদবী এৰি দিয়াৰ চুক্তিৰে ভীম কৰ্মকাৰ উপ সভাপতি হৈছিল। কিন্তু আঢ়ৈ বছৰ উকলি যোৱাৰ পাছতো কৰ্মকাৰে পদবী এৰাৰ পক্ষপাতী নোহোৱাত সংঘাত বৃদ্ধি হয়। প্ৰায় দুমাহে চলি অহা এই শীতল যুদ্ধৰ অন্তত আজি মহকুমাধিপতিৰ হস্তক্ষেপত হয় সংখ্যা গৰিস্থতা প্ৰমাণৰ ভোট।

গুৰুত্বপূৰ্ণ কথা, নগৰ সমিতি খনৰ উপাধ্যক্ষ কৰ্মকাৰৰ লগতে অধ্যক্ষা নিৰু বৰাকো অপসাৰণ কৰাৰ কুচকাৱাজ চলা বুলি ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলিছিল। আজি সাংবাদিকৰ আগত অধ্যক্ষা বৰাই সদ্য অপসাৰিত উপাধ্যক্ষ কৰ্মকাৰে তেওঁৰ লগতে লেটিয়াই তেওঁৰ বিৰুদ্ধে অপ প্ৰচাৰত লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে। অন্যহাতে নৱনিৰ্বাচিত উপাধ্যক্ষ আনন্দ শৰ্মাই নগৰ সমিতি খনৰ নিৰ্বাচনৰ পাছত ২০১৫ চনৰ ১৯ ফেব্ৰুৱাৰীত হোৱা এখন সভাত আঢ়ৈ বছৰ আঢ়ৈ বছৰৰ বাবে ভীম কৰ্মকাৰ আৰু তেওঁৰ মাজত উপাধ্যক্ষৰ পদবীটো ভাগ কৰি দিয়া হৈছিল কিন্তু কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পাছতো কৰ্মকাৰে পদবী এৰিবলৈ প্ৰস্তুত নোহোৱাৰ বাবে আজি এইদৰে মহকুমাধিপতিৰ উপস্থিতিত সাংবিধানিক নীতি নিয়মেৰে আস্থা ভোটৰ আয়োজন কৰিব লগা হয় বুলি কয়। ইয়াৰ বিপৰীতে মাৰ্ঘেৰিটাৰ অন্যতম বিজেপিৰ প্ৰভাৱশালী আৰু উপাধ্যক্ষৰ পৰা সদ্য অপসাৰিত নেতা কৰ্মকাৰে ২৮বছৰে দলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ প্ৰতিফল বুলি তীৰ্যক মন্তব্য আগবঢ়াই সাংবাদিকৰ সন্মুখত ।কিন্তু গুৰুত্বপূৰ্ণ কথা এই আঢ়ৈ বছৰে নগৰ সমিতি খনে ৰাইজৰ আশানুৰূপ ধৰণে একো উন্নতি কৰিব নোৱাৰাৰ অভিযোগ আছে।

বৰ্তমান প্ৰায় উন্নয়নমূলক কাম-কাজ স্তব্ধ হৈ থকাৰ সময়ত বাকী আঢ়ৈ বছৰ আন্তৰিকতাৰে নগৰ খনৰ উন্নয়নত ব্যস্ত হোৱাতকৈ এই দৰে ক্ষমতা কেন্দ্ৰীক ৰাজনীতিত ব্যস্ত হৈ থকাত ৰাইজৰ মাজত ব্যাপক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Close