অসম

‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ অধীনত গহপুৰ সমষ্টিত ৩১০খন টেক্টৰ ৭০ শতাংশ ৰাজসাহায্য সহ লাভ কৰিব কৃষকে

নিউজ ডেস্ক, প্ৰথম খবৰ: আমাৰ ৰাজ্যখনৰ শতকৰা ৮০ ভাগ পৰিয়ালেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ৰাজ্যখনৰ প্ৰতিখন ৰাজহ গাঁৱৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ আঁচনিখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছহিদ দিবসৰ দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত আনুষ্ঠানিকভাবে মুকলি কৰিব।

ৰাজ্যখনৰ কৃষি খণ্ডত আমুল পৰিবৰ্তনৰ সূচনা কৰিব বুলি আশা কৰা এই অভিলাষী আঁচনিখনৰ জৰিয়তে কৃষকসকলৰ আয় দুগুণে বৃদ্ধি কৰাৰ উদ্দেশ্য প্ৰতিখন ৰাজহ গাঁৱৰ আঠ-দহজনীয়া কৃষকৰ গোট সমূহক একোখনকৈ টেক্টৰ বিতৰণৰ বাবে সিদ্ধান্ত লোৱা হৈছে। এই টেক্টৰ সমূহৰ বাবে ৭০ শতাংশ ৰাজসাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে । আনহাতে কৃষকসকলে টেক্টৰৰ মডেল নিজেই পচন্দ কৰিব পাৰিব।

উল্লেখ্য যে, এই আঁচনিৰ জৰিয়তে গহপুৰ মহকুমাৰ কৃষকসকলে প্ৰায় ৩১০ খন টেক্টৰ ৭০ শতাংশ ৰাজসাহায্য সহ লাভ কৰিব। গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰপৰা এই কথা জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close