বিনোদনশীৰ্ষ

মুম্বাই পৌৰসভাই ভাঙিলে শ্বাহৰুখ খানৰ অফিচ-কেণ্টিন 

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ :মুম্বাইৰ গোৰেগাওঁত অৱস্থিত শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰডাকচন হাউছ ‘ৰেদ চিৰিজ এণ্টাৰটেইনমেণ্ট’। এই কাৰ্যালয়ত থকা কেণ্টিনখন মুম্বাই পৌৰসভাই ভাঙি দিয়ে। কেণ্টিনখন বে-আইনীভাৱে নিৰ্মাণ কৰা হৈছিল বুলি দাবী কৰে পৌৰসভাই।

২০০০ বৰ্গ ফুটৰ কেণ্টিনখন নিৰ্মাণ কৰোতে ভাৰতীয় কোম্পানী আইন ভংগ কৰা বুলি অভিযোগ উত্থাপিত হৈছে জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ বিৰুদ্ধে। এই আইন মতে কোম্পানীৰ বাৰাণ্ডা থাকিব লাগে আৰু এই ক্ষেত্ৰত শ্বাহৰুখ খানে কেণ্টিন সাজিবলৈ বাৰাণ্ডাখন ব্যৱহাৰ কৰিছিল। তদুপৰি অগ্নি নিৰ্বাপক বাহিনীৰ নিয়মাৱলীও ভংগ কৰাৰ অভিযোগত কেণ্টিনখন ভাঙি দিয়া বুলি জনাইছে বৃহত্তৰ মুম্বাই পৌৰসভাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close