অসম

মৰিগাঁৱত ৪৫ বছৰীয়া লম্পটৰ উন্মাদ কামনাৰ বলি হ’ল এগৰাকী কণমনি

বাৰপূজীয়াৰ পৰা মোহন হাজৰিকা, প্ৰথম খবৰ: কাতিবিহু আৰু পোহৰৰ উৎসৱৰ মাজতে মৰিগাঁৱত সংঘটিত হ’ল এক জঘন্য কাণ্ড। এজন ৪৫ বছৰীয়া লোকৰ উন্মাদ কামনাৰ বলি হ’ল এগৰাকী কণমানি। এই ঘটনা মৰিগাঁৱত। মৰিগাঁও জালুগুটি আৰক্ষী চকী অন্তগৰ্ত বৰ চকাবাহা গাঁৱৰ এগৰাকী ছয় বছৰীয়া ছোৱালীৰ ওপৰত একে গাঁৱৰে লম্পটে চলালে যৌন নিৰ্যাতন। দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ জাকিৰ আলি নামৰ ৪৫ বছৰীয়া লম্পট জনে বিবেক হীন হৈ কণমানি জনিৰ ওপৰত জপিয়াই পৰে।

ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট জাকিৰ আলী। অৱশেষত মুমূৰ্ষু অৱস্থাত কণমানি জনিক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। তাৰ পিছতেই পোহৰলৈ আহে সমস্ত নাৰকীয়া কাণ্ডৰ। অৱশেষত আজি লম্পট জাকিৰ আলিক আটক কৰে জালুগুটি আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close