অসমশীৰ্ষ

মৰ্মান্তিক! গোৱালপাৰাৰ একে পৰিয়ালৰ মুঠ চাৰিটা সন্তানে জন্মান্ধ

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: এজন নহয় দুজন নহয়, এটা পৰিয়ালৰ মুঠ চাৰিটা সন্তানেই জন্মান্ধ৷ নিজ চকুৰে নেদেখিলে একপ্ৰকাৰ অবিশ্বাস্য যেন লগা কৰুণ কাহিনী এটিয়ে সম্প্ৰতি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ অতি হৃদয় বিদাৰক এই ঘটনাটো গোৱালপাৰা জিলাৰ৷

গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ণ খণ্ডৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী মেছেলখোৱা গাওঁ পঞ্চায়ত এলেকাধীন এখন গাৰো জনগোষ্ঠী অধ্যুষিত গাঁও জাৰিকুন্তী৷ এই গাঁৱৰে হাজম সিং নামৰ গাৰো লোক জনৰ ঘৰতে সংঘটিত হৈছে নিদাৰুণ ঘটনাটো৷ হাজম সিঙৰ চাৰি সন্তানে জন্মান্ধ। দৰিদ্ৰ হাজম সিঙে হাজিৰা কৰিয়ে প্ৰতিপালন কৰি আহিছে চাৰি অন্ধ পুত্ৰ-কন্যাক৷

২০ৰ পৰা ৩০ বছৰীয়া জন্মান্ধ দুই যুৱ পুত্ৰ আৰু দুই গাভৰু জীয়ৰীৰ কোনো উন্নত চিকিৎসা কৰাবলৈ অপাৰগ হাজম সিঙৰ সংসাৰত সম্প্ৰতি এক হাহাকাৰময় পৰিস্থিতি। চাৰি অন্ধ পুত্ৰ কন্যাৰ চিকিৎসাৰ বাবে বিগত দিন বোৰত হাজম সিঙে চৰকাৰৰ ওচৰত বহু কাকূতি-মিনতি কৰিলে যদিও আজিলৈ চিকিৎসাৰ বাবে একো সাহায্য নাপালে৷ নিয়তিৰ কোপদৃষ্টিত দিক্- বিদিক হেৰুৱাই পেলোৱা বৃদ্ধ হাজম সিং আৰু তেওঁৰ পত্নীয়ে দুৰ্ভগীয়া পৰিয়ালটোক লৈ হতাশাৰ মাজেৰে দিন অতিবাহিত কৰাৰ বাহিৰে যেন অন্য পথ ৰুদ্ধ হৈ পৰিছে৷ স্থানীয় ৰাইজে সেয়ে পৰিয়ালটোক কিছু সহায় কৰাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত পুণঃ বিনম্ৰ অনুৰোধ জনাইছে ৷

Related Articles

Leave a Reply

Close