অসমশীৰ্ষ

লংকাৰ ভালুকমাৰিত বোৱাৰীক অগ্নিসংযোগ কৰি হত্যাৰ অভিযোগ

লংকাৰ পৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: এক পৰিকল্পিত হত্যাকাণ্ডই পুনৰ প্ৰাণ ল’লে এগৰাকী বিবাহিত মহিলাৰ। লংকাৰ ভালুকমাৰীত সংঘটিত হোৱা এক ৰহস্যজনক হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অনিমা দাস নামৰ এই গৰাকী বোৱাৰাকীক শনিবাৰে নিশা অগ্নিসংযোগ কৰি পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে ঘাতক স্বামী মৃণাল কান্তি দাসৰ বিৰুদ্ধে।

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, লংকা ভালুকমাৰীৰ নিবাসী মৃণালকান্তি দাসৰ সৈতে বিগত দুবছৰ পূৰ্বে একে গাঁৱৰে অনিমা দাস বিবাহ পাশত আবদ্ধ হৈছিল। তাৰ পাছৰ পৰাই দুয়োৰে মাজত গঢ় লৈ উঠিছিল এক সুখৰ সংসাৰ। কিন্তু এই সংসাৰত কাল ৰূপে থিয় দিলে পৰকীয় প্ৰেমে। উল্লেখ্য যে,যোৱা দুমাহ পূৰ্বে পৰকীয় প্ৰেমত হাবুদুবু খাই এইজন মৃণালকান্তি দাসে কৰিছিল দ্বিতীয় বিবাহ।

ইফালে,দ্বিতীয় বিবাহৰ পাছতেই প্ৰথমা পত্নী অনিমা দাসৰ সৈতে স্বামী মৃণালকান্তি দাসে লিপ্ত হৈ পৰিছিল গৃহ কন্দলত। নিশা যেন এই গৃহকন্দলে ল’লে অন্তিম ৰূপ। পাক ঘৰত ভাত ৰান্ধি থকাৰ সময়ত পত্নী অনিমা দাসৰ দেহত পৰিকল্পিতভাৱে অগ্নিসংযোগ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে।

ইফালে,নিশাই অগ্নিদগ্ধ মহিলাৰ হত্যাকাণ্ডৰ ঘটনাক গাপ দিবলৈ স্বামী গৃহৰ পৰিয়ালে আৰক্ষীক খবৰ নিদিয়াকৈ হোজাইৰ হাম হাস্পাতাললৈ লৈ যায়। দেহৰ ৯০ শতাংশই অগ্নিদ্বগ্ধ হৈ পৰা মহিলাগৰাকীক পাছত গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আদ বাটতে মৃত্যু হয় বোৱাৰীগৰাকীৰ। ইফালে, আজি পুৱাহে স্বামী গৃহৰ পৰিয়ালে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াকলৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত স্বামী মৃণালকান্তি দাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close