অসম

লখিমপুৰ জিলা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ

প্ৰথম খবৰ, লখিমপুৰঃ লখিমপুৰ জিলা সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি, উপ সভাপতি আৰু সম্পাদকৰ নিৰ্বাচন অহা ১৭ নবৱেম্বৰত অনুষ্ঠিত হ’ব। অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত জিলা সাহিত্য সভাৰ নিৰ্বাচন সম্পৰ্কীয় এখন সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ১৩ অক্টোবৰৰ পৰা জিলা সাহিত্য সভাৰ অন্তৰ্গত সক্ৰিয় শাখাসমূহক বেলট পেপাৰ বিতৰণৰ সিদ্ধান্ত লোৱা হয়।

সেই অনুসৰি ১৩ অক্টোবৰত দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত লখিমপুৰ আৰু তেলাহী মৌজাৰ শাখা সমূহক অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ পৰা বেলট পেপাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। একেদৰে ১৪ অক্টোবৰ তাৰিখে বিহপুৰীয়া, নাৰায়ণপুৰ, বঙালমৰা, ধলপুৰ, শাখাই দিনৰ ১২ বজাৰ পৰা ২ বজালৈ বেলট পেপাৰ সমূহ বিহপুৰীয়া সাহিত্য সভা ভৱনৰ পৰা সংগ্ৰহ কৰিব পাৰিবন সেইদিনাই নাওবৈছা, লালুক, হাৰমতী, পাভ শাখাই লালুক সাহিত্য সভা ভৱনৰ পৰা দিনৰ ২.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজাৰ ভিতৰত বেলট পেপাৰ সমূহ সংগ্ৰহ কৰিব পাৰিব।

১৫ অক্টোবৰৰ দিনা ঘিলামৰা, ঢকুৱাখনা মহকুমাৰ শাখা সমূহে ঘিলামৰা সাহিত্য সভা ভৱনৰ পৰা দিনৰ ১১ বজাৰ পৰা ১ বজালৈ আৰু সেইদিনাই বগীনদী আৰু সোৱনশিৰি শাখা সমূহে ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত বগীনদীত বেলট পেপাৰ সংগ্ৰহ কৰিব পাৰিব।

১৩ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত বেলটৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰিব নোৱাৰা শাখাসমূহৰ সভাপতি বা সম্পাদকে মূখ্য নিৰ্বাচনী বিষয়া অৰূপ কলিতাৰ পৰা বেলটৰ প্ৰ-পত্ৰ গ্ৰহণ কৰিব পাৰিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। বেলটৰ প্ৰ-পত্ৰ সমূহত মূখ্য নিৰ্বাচনী বিষয়া অৰূপ কলিতাৰ লগতে নিৰ্বাচনী বিষয়াদ্বয় সত্যজিত দত্ত আৰু কুঞ্জ বুজৰবৰুৱাৰ স্বাক্ষৰ লোৱাৰো সভাই সিদ্ধান্ত গ্ৰহণ কৰে। ১৫ অক্টোবৰৰ পৰা ১৫ নবেম্বৰলৈ উত্তৰ লখিমপুৰৰ মূখ্য ডাকঘৰত থকা বেলট বাকচত লখিমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্ভুক্ত শাখাসমূহে বেলট-পত্ৰ সমূহৰ জৰিয়তে শাখাৰ ভোট প্ৰদান কৰিব পাৰিব। অহা ১৭ নবেম্বৰ তাৰিখে দিনৰ ১ বজাত অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ত ভোট গণনা আৰম্ভ হ’ব।

Related Articles

1 thought on “লখিমপুৰ জিলা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ”

Leave a Reply

Your email address will not be published. Required fields are marked *

Close