অসম

লাওখোৱা হাইস্কুলৰ চাউল জব্দ

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁৱৰ চামগুৰিৰ লাওখোৱাত সন্ধিয়া ঠেলাভৰ্তি চাউল চোৰাং জব্দ কৰে স্থনীয় ৰাইজে ৷ লাওখোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অনিয়মেৰে বজাৰত বিক্ৰীৰ বাবে স্কুলৰ পৰা সন্দিয়া ৫ বজাত চাউলখিনি উলিয়াই আনিছিল ৷ ঠেলাভৰ্তি চাউলখিনি দেখি সন্দেহ হোৱাত ৰাইজে হাতে-লোটে ধৰি আমবাগান আৰক্ষীক চমজাই দিয়ে ৷

এই চাউল চুৰিত লাওখোৱা হাইস্কুলৰ প্ৰধান শিক্ষক নীলকান্ত বিশ্বাস আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভাস্কৰ ভট্টাচাৰ্য জৰিত থকাৰ সন্দেহ কৰিছে একাংশই ৷ সমগ্র ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্বে আছে বহু দুৰ্নীতিৰ অভিযোগ ৷ যাৰ বাবে এই চোৰাং কাণ্ডত প্ৰধান শিক্ষক, পৰিচালনা সমিতি জড়িত থকাৰ অভিযোগ উঠিছে ৷

Related Articles

Leave a Reply

Close