অসম

লামডিঙত উত্তেজনা পৰিস্থিতি

 

প্ৰথম খবৰ, লামডিং: লামডিঙং জৰংদিচাত ম্যাদ উকলা ঔষধ বিতৰণক লৈ উত্তেজনা ৷ ম্যাদ উকলা আইৰনৰ দৰৱ ৭জন শিশুক সেৱন কৰালে অংগনবাড়ী শিক্ষয়িত্ৰীয়ে ৷ আশাকৰ্মীয়ে লামডিং অসামৰিক চিকিৎসালয়ৰ পৰা ম্যাদ উকলা দৰৱ সংগ্ৰহৰ অভিযোগ ৷

লামডিঙত এইবাৰ কণ কণ শিশুৰ জীৱনক লৈ হেতালি খেলিছে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগটোৱে ৷ ম্যাদ উকলা দৰৱ বিতৰণক লৈ হৈচৈ লাগে লামডিঙৰ জৰংদিচাত ৷ আজি পুৱাৰভাগতে লামডিং জৰংদিচাৰ এটি অংগণাবাদী কেন্দ্ৰৰ শিক্ষয়ত্ৰীয়ে প্ৰায় ৭জন শিশুক আইৰন আৰু ফলিক এচিডৰ দৰৱ সেৱন কৰোৱাৰ বাবে ঘৰে ঘৰে গৈ দৰৱ সেৱন কৰোৱাইছিল ৷ কিন্তু সেই অঞ্চলৰে সমীৰ দেৱনাথৰ শিশুটিক খোৱাৰ পিছত কিহৰ ঔষধ বুলি লৈ চোৱাত দেখে যে ০৮/২০১৭ তাৰিখেই ঔষধটোৰ ম্যাদ উকলি গৈছে ৷ এই বিষয়ে ব্যক্তি গৰাকীয়ে অংগনাবাড়ীৰ শিক্ষয়িত্ৰী গৰাকীক প্ৰশ্ন কৰাত তেখেতে কয় যে তেখেতে চোৱা নাছিল আৰু সেই অঞ্চলক আশাকৰ্মী কল্পনা দাসে ঔষধটো যোৱা ১৮ অক্টোবৰত দিছিল আৰু ছাত্ৰ-ছাত্ৰী সকলক খুৱাবলৈ কৈছিল ৷ এই বিষয়ে আশা কৰ্মী গৰাকীক সোধাৰ উত্তৰত তেখেতে কয় যে লামডিং অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁক যোগান ধৰিছিল আৰু তেখেতৰ ভূলো চিকাৰ কৰি কয় যে তেখেতে ম্যাদৰ তাৰিখটো নোচোৱাকৈয়ে ঔষধটো খুৱাবলৈ দিছিল ৷ তাৰোপৰি তাপৰ্য্যপূৰ্ণ কথা যে সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে হে এই আইৰনৰ ঔষধসমূহ কণ কণ ছাত্ৰ ছাত্ৰীসকলত সেৱন কৰোৱা হয় যদিও আজি সোমবাৰে কিদৰে প্ৰদান কৰিছে এই ঔষধ সমূহ ৷ এই বিষয়ে লামডিং চিভিলত ঔষধ প্ৰদান কৰা নাৰ্চ গৰাকীক প্ৰশ্ন কৰাত চিকিৎসালয়ৰ পৰা এই ঔষধ দিয়া হোৱা নাই বুলি গা এৰা মন্তব্যহে প্ৰদান কৰে ৷ যদিওবা এই ম্যাদ উকলা ঔষধ সেৱন কৰি শিশু কেইটাৰ এতিয়া লৈকে সুস্থ আছে কিন্তু কেতিয়ালৈকে ৰাজ্যৰ স্বাস্থ্যবিভাগটোৱে মানুহৰ জীৱনক লৈ হেতালি কৰিব সিয়ে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ আজি শিশু কেইটা অসুস্থ হৈ পৰিলে কোনে ইয়াৰ দায়িত্ব ল’লে হয়? এই বুলি অভিযোগ কৰিছে স্থানীয়বাসীয়ে।

Related Articles

Leave a Reply

Close