Home / অসম / লাহৰীঘাটৰ নৱজোতি কনিষ্ট মহাবিদ্যালয়ত দুদিনীয়া কাযসূচীৰে নৱাগত আদৰণিৰ আয়োজন

লাহৰীঘাটৰ নৱজোতি কনিষ্ট মহাবিদ্যালয়ত দুদিনীয়া কাযসূচীৰে নৱাগত আদৰণিৰ আয়োজন

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: আজিৰ পৰা লাহৰীঘাট নৱজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰথম নৱাগত আদৰণি সভা দুনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়। পুৱা ৮-৩০ বজাত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ লগতে পতাকা উত্তোলনেৰ নৱাগত আদৰণি সভাৰ আৰম্ভণি হয়। পতাকা উত্তোলন কৰে কলেজৰ মাননীয় অধ্যক্ষ ম: ফাইজুৰ ৰহমান ডাঙৰীয়া আৰু লাহৰীঘাট আজান-শংকৰ বিদ্যাপীঠৰ মাননীয় অধ্যক্ষ ম: ছামছুল হক ডাঙৰীয়াই।

পতাকা উত্তোলনৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়। শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীৰ লগত কলেজৰ অধ্যাপক-অধ্যাপিকাসকলেও অংশ গ্ৰহণ কৰে।আৰু তাৰ খন্তেক পিছত প্ৰথম দিনাৰ তৃতীয় কাৰ্যসূচী হিচাবে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ এনাজৰী অনুষ্ঠান আৰম্ভ হয়। উক্ত অনুষ্ঠানত পুৰণি ছাত্ৰ-ছাত্ৰীসকলে নতুন সকলক আনুষ্ঠানিকভাৱে আদৰি লয়। ন-পুৰনি ছাত্ৰ-ছাত্ৰী এনাজৰী অনুষ্ঠানৰ আতধৰে অসমীয়া বিভাগৰ প্ৰৱক্তা খলিলুৰ ৰহমান আৰু ছাদ্দাম হুছেইনে। দুপৰীয়া লঘু আহাৰৰ পৰৰ্ৱতী কাৰ্যসূচী অনুসৰি কলেজৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নৃত্য গীত পৰিবেশনৰ লগতে আমন্ত্ৰিত ধিং বহ্নিমান সাংস্কৃতিক নৃত্যগোষ্ঠীৰ বিভিন্ন নৃত্য পৰিৱেশনৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে। অহা কালি পুৱা ৯ বজাত কলেজৰ ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীত পৰিৱেশন।

১০-৩০ মুকলি সভা আৰু ১বজাত আমন্ত্ৰিত শিল্পী শ্ৰী মাধুৰ্য মৌচম আৰু প্ৰিয়া শ্ৰী কাশ্যপ ৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব বুলি প্ৰথম খবৰ সাংবাদিকক জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*