অসমশীৰ্ষ

শংকৰদেৱ সংঘৰ ২৪ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ-আইমাতৃ সমাৰোহৰ আৰম্ভণী

নিউজ ডেস্ক,প্ৰথম খবৰ:  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰ্তুবিংশতিতম্ কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহ আজিৰে পৰা তিনিদিনিয়া বৰ্ণীল কাৰ্যসূচীৰে গুৱাহাটী মহানগৰীৰ ৰূপনগৰ শংকৰী সংস্কৃতি কেন্দ্ৰৰ তাৰিণীবালা পাঠক আই-ক্ষেত্রত অনুষ্ঠিত হয়| গুৱাহাটী মহানগৰী জিলা শাখাৰ ব্যৱস্থাপনাত আৰু আতিথ্যত অনুষ্ঠিত হোৱা সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ৫বজাত প্ৰাত:প্ৰসঙ্গৰে সমাৰোহৰ শুভাৰম্ভ কৰা হয়| দিনৰ ১১ বজাত মূল মঞ্চ উদ্ধোধন  আৰু ১১.১৫বজাত গ্ৰন্থ উন্মোচনী আৰু প্ৰতিযোগিতা উদ্ধোধনী সভা অনুষ্ঠিত হয়| বিয়লি ৩ বজাত হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো: অপাৰেটিভ চ’ছাইটি লি:ৰ সভা অনুষ্ঠিত হয়| সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু সন্ধ্যা প্ৰসঙ্গ ৰ পিছতে ৭ বজাত কেন্দ্ৰীয় সেৱা-বাহিনীৰ সাধাৰন পৰিষদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয়| লগতে সেৱা-বাহিনীৰ যুৱক-যুৱতীৰ লিখনীৰ দ্বাৰা প্ৰস্তুত আলোচন ‘ডেকাগিৰী’ৰ শুভ উন্মোচন কৰা হয়|

সমাৰোহত যুৱ,আইমাতৃ আৰু শিশুসকলৰ মাজত সাহিত্য আৰু সাংস্কৃতিক শাখাৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়|অসমৰ বিভিন্ন জিলা আৰু উত্তৰ-পূ্ৰ্বাঞ্চলৰ পৰা অহা কেবা হাজাৰ ভক্তৰ উপস্থিতিয়ে সমাৰোহস্হলীত এক ভক্তি মধুৰপৰিবেশ বিৰাজ কৰে|

Related Articles

Leave a Reply

Close