অসমশীৰ্ষ

শিক্ষকৰ ৰূপত অৱতীৰ্ণ শিক্ষামন্ত্রী

নিউজ ডেস্ক,প্ৰথম খবৰ: আজি দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ অন্তিম দিন| আজিৰ দিনটোত শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে কামৰূপ জিলাৰ ৰামপুৰৰ সাতপখলী প্ৰাথমিক বিদ্যালয়ত| বিদ্যালয়ত ছাত্র-ছাত্রীক প্ৰায় ডেৰ ঘণ্টা ধৰি শিক্ষকৰ ৰূপত পাঠদান কৰে শিক্ষামন্ত্রীয়ে|
উল্লেখ্য যে,প্ৰাথমিক গুণোৎসৱ ডিচেম্বৰত সামৰণী পৰিব আৰু তাৰ পাছত মাধ্যমিক পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ’ব| অহাবছৰ গুণোৎসৱ এপ্ৰিল-মে মাহত পুনৰ অনুষ্ঠিত হ’ব বুলি শিক্ষামন্ত্রী গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে|
মন্ত্রীগৰাকীয়ে ছাত্র-ছাত্রীক পাঠদান কৰাৰ লগতে অভিভাৱকৰ সৈতেও মত-বিনিময় কৰে| তাৰ পিছত কামৰূপ জিলা উপায়ুক্ত সহিতে শিক্ষাৰ্থীৰ লগত একেলগে বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাই|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close