অসমশীৰ্ষ

শিমলুগুৰিত চুইফট গাড়ী চুৰি: কথমপি প্ৰাণ ৰক্ষা চালকৰ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: গুৱাহাটীৰ পৰা ভাড়া কৰি আনি চালকক প্ৰাণে মৰাৰ চেষ্টা কৰি ভাড়াতীয়াই নিলে চুইফট ডিজায়াৰ।

কালি গুৱাহাটী ৰাজধানী মচজিদৰ ষ্টেণ্ডৰ যোৰহাটলৈ বুলি দুজন ব্যক্তিয়ে ভাড়া কৰি অনা AS01 BQ 3588 নম্বৰৰ চুইফটখন ৰহস্যজনকভাৱে শিৱসাগৰৰ শিমলুগুৰি থানাৰ অন্তৰ্গত বাহগড়ত চালক আমিনুল ৰহমানক ডিঙিত ৰচী লগাই প্ৰাণে মৰাৰ চেষ্টা কৰে। যদিও চালকজনে চলন্ত অৱস্থাতে জাপ মাৰি প্ৰাণ ৰক্ষা কৰে আৰু গাড়ীখন লৈ লোক দুজন অসম নাগালেণ্ড সীমান্তৰ ফালে উধাও হয় বুলি চালকজনৰ ভাষ্যৰ পৰা জানিব পৰা গৈছে।

মুৰ আৰু হাতত আঘাত প্ৰাপ্ত চালক জন শিমলুগুৰি আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সন্দৰ্ভত চালকজনো সন্দেহৰ আৱৰ্তত ৰখা হৈছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close