অসম

শিমলুগুৰি AJYCP ৰ ফুটবল, লক্ষ্মীজান ক্লাৱৰ হেট্ৰিক

প্ৰথম খবৰ, শিমলুগুৰি: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত, স্থানীয় ৰাইজ আৰু ভোগবাৰী ফুটবল ক্লাৱৰ তত্বাৱধানত নিমাইগড় হাবি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা চলন্ত ট্ৰফী ও প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনিৰ আজিৰ খেলত দ’লবাগান ফুটবল ক্লাৱ আৰু লক্ষ্মীজান ফুটবল ক্লাৱৰ মাজত এখন খেল অনুষ্ঠিত হয়। উক্ত খেলখনত লক্ষ্মীজান ক্লাৱে প্ৰথম ফ্ৰিডত ২ আৰু দ’লবাগান ক্লাৱে ১ গ’ল দি আগবাঢ়ে। খেলৰ ২৯ মিনিট হওঁতেই দ’লবাগান ক্লাৱে এটি সামঘাটি গ’ল খায়।

উক্ত খেলখনত আৰফিট বাৰ্জোৱে লক্ষ্মীজান ক্লাৱৰ হৈ হেত্ৰিক(৩) সহ উক্ত খেলখন বিজয় হয়। খেলত জাণ্টাজ জজোৱে হালধীয়া কাৰ্ড খায়। ৪-১ গ’ল দি লক্ষ্মীজানে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। আজি খেলখন পৰিচালনা কৰে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ পৰিচালক ৰাতুল ফুকন, হৰেন লিকচন আৰু বুলনজ্যোতি সন্দিকৈয়ে। অহাকালিৰ খেল নামচাই বনাম ৰাজবাড়ী ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হব বুলি পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰূপম শইকীয়াই জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close