অসম

শিৱসাগৰত অামছু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

গৌৰীসাগৰৰ পৰা প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: সদৌ অসম সংখ্যালঘু ছাত্ৰ(অামছু) শিৱসাগৰ জিলা সমিতিৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নেত্ৰ বিভাগত চলি থকা দুৰ্নীতিৰ ওপৰত চিকিৎসালয়ৰ সন্মুখত অাজি এক ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে। উল্লেখ্য যে, অামছু জিলা সমিতি অভিযোগ অনুসৰি চিকিৎসালয়খনৰ নেত্ৰ বিভাগৰ বৰ্তমান চৰকাৰী অাঁচনি ৰূপায়ণৰ নামত চকু চিকিৎসা বিভাগৰৰ চিকিৎসকসকলে এখন মুকলি বজাৰ সৃষ্টি কৰিছে।

চিকিৎসকসকলে চৰকাৰে বিনামুলীয়াকৈ যোগান ধৰা একাংশ সামগ্ৰী বিক্ৰী কৰাও এতিয়া অভিযোগ উঠিছে। এই ঘটনা সন্দৰ্ভত অামছু জিলা সমিতিয়ে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক ১৭ অাগষ্টত লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাত অাজি চিকিৎসালয়খনৰ সন্মুখনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ঘটনাৰ এক উচিত বিচাৰ কৰিবলৈ জিলা উপায়ুক্তক এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Close