শেহতীয়া
Home / অসম / শিৱসাগৰত গুণোৎসৱত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক যোগেন মহন 

শিৱসাগৰত গুণোৎসৱত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক যোগেন মহন 

প্ৰথম খবৰ, শিৱসাগৰ: অসমৰ শিক্ষা বিভাগৰত অামোল পৰিৱৰ্তন অনাৰ স্বাৰ্থত শিক্ষা বিভাগে অসমত অায়োজন কৰা দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ শিৱসাগৰত অাজি তৃতীয় দিন। শিৱসাগৰ জিলা মুঠ ৬ টা শিক্ষাখণ্ডতে চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠান সমুহৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়াসেৰে লোৱা গুণোৎসৱ শিৱসাগৰ জিলাত সুন্দৰ ভাবে উদযাপিত কৰা হৈছে। এই গুণোৎসৱত আজি শিৱসাগৰ জিলাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু শিৱসাগৰ জিলাৰ মাহমৰা বিধান সভাৰ সমষ্টিৰ বিধায়ক যোগেন মহনে গুণোৎসৱত অংশগ্ৰহণ কৰি শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়কে ধৰি বহুকেইখন বিদ্যালয়ত পৰিদৰ্শন কৰি উৎসৱৰ বুজ লোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লিলীমা বৰাই বহিঃ মূল্যায়ণ কৰা গুণোৎসৱত শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিল , শিৱসাগৰ কমাৰ্চ কলেজৰ অধ্যক্ষ ড সৌমাৰজ্যোতি মহন্তই বিদ্যালয়খনৰ পৰিৱেশত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শিৱসাগৰ জিলা শিক্ষা উপ পৰিদৰ্শক কৃষ্ণ কুমাৰ তাতীয়ে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ।

আনহাতে শিৱসাগৰ ২ নং টাউন প্ৰাথমিক বিদ্যালয়ত শিৱসাগৰ জিলা অতিৰিক্ত উপায়ুক্ত অশ্বিনি কুমাৰ দলেয়ে বহিঃ মূল্যায়ণ কৰে। মগৰাহাট মিলনজ্যোতি প্ৰাথমিক বিদ্যালয়ত শিৱসাগৰ জিলাৰ জনসংযোগ বিষয়া শাৰদী গগৈয়ে বহিঃ মূল্যায়ণ কৰে। তদুপৰি শিৱসাগৰ জিলাৰ কেওঁটা শিক্ষা খণ্ডৰ বিদ্যালয় সমুহত অনুষ্ঠিত গুণোৎসৱত ৰাজপতিত বিষয়াই বহিঃ মূল্যায়ণ কৰিছে।

উলেখ্য যে, সম্প্ৰতি বিদ্যালয় সমুহত পৰিৱেশে বিৰাজ কৰিছে এই স্থিতি স্থায়ী ৰূপত প্ৰতিষ্ঠা হয় অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হোৱাটো নিশ্চিত বুলি সৰ্বসাধাৰণৰ জনসাধাৰণেও মুকলি আলোচনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*