অসম

শিৱসাগৰত যান-বাহন আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে গোছৰ ৰুজু 

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰত যান- বাহন আইন অমান্য কৰা লোকৰ সংখ্যাই সীমা চেৰা যোৱাৰ প্ৰতি লক্ষ্য কৰি আজি পুৱা ৮ বজাৰ পৰা নগৰৰ পূব আৰু দক্ষিণ দুৱাৰত শিৱসাগৰ সদৰ আৰক্ষী প্ৰশাসনৰ যান- বাহন শাখাই এই অপৰাধৰ নিৰ্মুল কৰাৰ প্ৰয়াসেৰে যান- বাহন আইন উলংঘা কৰা সকলৰ ওপৰত গোছ ৰুজু কৰিছে। শিৱসাগৰ সদৰ আৰক্ষীৰ যান- বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই এই প্ৰতিবেদকক জানিবলৈ দিয়ে যে শিৱসাগৰত একাংশ লোকে যান- বাহন আইন উলংঘা কৰি পৰিবহন আইনখনকে একপ্ৰকাৰে উপলুঙা কৰি আহিছে। আৰু পৰিবহন আইন উলংঘা কৰাৰ উপৰিও আইনখনৰ ওপৰত নূন্যতম জ্ঞান নথকা একাংশ লোকে জধে-মধে বাইক, গাড়ী চলাই সৰ্বসাধাৰণৰ জনসাধাৰণৰ জীৱনলৈ অমানিশা নমাই এক অশসনীয় পৰিৱেশৰ সৃষ্টি কৰিছে।

তদুপৰি এইসকলৰ পৰিবহন আইন উলংঘাকাৰীৰ ওপৰত বিভিন্ন সময়ত আৰক্ষী যান- বাহন শাখাই জৰিমনা বিহি কোনো সুফল লাভ কৰিব নোৱাৰি অপৰাধ নিৰ্মূলৰ নতুন কৌশল হাতত লৈ আজি পৰিবহন আইন অমান্য কৰা এহেজাৰোধিক লোকৰ ওপৰত জৰিমনাৰ বিপৰীতে যান-বাহন আইনৰ অধিনত গোছৰ ৰুজু কৰিছে বুলি শিৱসাগৰ সদৰ আৰক্ষী যান- বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা, সহকাৰী উপ পৰিদৰ্শক দিগন্ত শইকীয়া, কুশল বৰুৱাই জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close