অসম

শিৱসাগৰত সাম্প্ৰদায়িকতা বিৰুদ্ধে উত্তাল প্ৰতিবাদ

গৌৰীসাগৰৰ পৰা প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত দিচাংমুখ আঞ্চলিক সমিতিৰ সহযোগত সামাজিক মাধ্যমৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা আৰু অনুসূচিত জাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ব্যক্তিসকলক আটক কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী লগতে উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ। সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে শান্তি সম্প্ৰীতিৰ পোষকতা কৰা, কিন্তু নিজা জাতি বিৰুদ্ধাচৰণ কৰা কোনো শক্তিৰে ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰে। বিভিন্ন সময়ত স্থান-কাল পাত্ৰ অবিচাৰে অনুসূচিত জাতিৰ লোক সকলক কৰা অপমানৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে।

কিছুমান জাত্যাভিমানী তথা দুষ্কৃতিকাৰীয়ে অসমৰ সবাতোকৈ পুৰণি জাতি কৈৱৰ্ত্ত জাতিটোক বিভিন্ন সময়ত বিভিন্ন ঠাইত নানান নীচ মনোভাৱত্মক শব্দ প্ৰয়োগ কৰি জাতিটোৰ প্ৰমূল্যবোধত আৰু নিৰ্দিষ্ট জাতিটোৰ লোকসকলৰ মানসিকতাত আঘাত দি অহাতো পৰিলক্ষিত হৈ আহিছে বুলি তেঁওলোকে উল্লেখ কৰে। লগতে তেঁওলোকে কয় যে, কিন্তু বৰ্তমান এনে বিষয়বোৰক সহজভাৱে গ্ৰহণ নকৰে। কিছুদিনৰ পুৰ্বে দিচাংমুখৰ জেইল গাঁও জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ লগতে বিভিন্ন নিন্দা সূচক মন্তব্যই অসমৰ সবাতোকৈ পুৰণি জাতি তথা অনুসূচিত জাতিৰ এটা উপজাতি কৈৱৰ্ত্ত সকলক অপমান কৰি ফেচবুকত প্ৰচাৰ কৰা এটি নিৰ্দিষ্ট জনগোষ্ঠীৰ এচাম ব্যক্তিক প্ৰমাণ সহ চিনাক্ত কৰি সন্থাই তেঁওলোকক আটক কৰাৰ দাবীত জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

কিন্তু ২৪ ঘণ্টাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই ক্ষোভ প্ৰকাশ কৰি আজি পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় লগতে তেঁওলোকে দাবী জনাই যে, অতি শীঘ্ৰে তেঁওলোকে চিনাক্ত কৰি দিয়া ব্যক্তিসকলক আটক কৰি উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে সন্থাই ইয়াতকৈও জংগী আন্দোলনৰ ভূমিকা গ্ৰহণ কৰিবলৈ বাধ্য হম বুলি সন্থাৰ জিলাৰ সভাপতি পৰশজ্যোতি দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে হুংকাৰ দিয়ে।

Related Articles

Leave a Reply

Close