অসম

শিৱসাগৰ জিলাত আজিৰে পৰা আৰম্ভ গুণোৎসৱ

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলাত আজিৰ পৰা আৰম্ভ হোৱা গুণোৎসৱত অবিভক্ত জিলাখনৰ অন্তৰ্গত ছটা শিক্ষা খণ্ডতে নিম্নপ্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মুখত স্ব মূল্যায়ন অনুষ্ঠিত হয়। আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত শিৱসাগৰ , জয়সাগৰ , কালুগাঁও , নামতি , চাৰিং , মেটেকা , দিখৌমুখ আৰু ৰূপহীমুখ অঞ্চলৰ মুঠ ৩৫৩ খন বিদ্যালয়ৰ মূল্যায়নৰ সন্মুখীন হ’ব ইয়াত নিম্ন প্ৰাথমিক ২৫৩ খন , উচ্চ প্ৰাথমিক ৫৭ খন কম্পজিতৰ ৪১ খন , খেলুৱা শিক্ষা খণ্ডৰ মুঠ ২৬৯ খনৰ নিম্ন প্ৰাথমিক ২০৯ খন, উচ্চ প্ৰাথমিক ৩২ খন, কম্পজিত ২৮ খন, নাজিৰা শিক্ষা খণ্ডৰ মুঠ ৪২৫ খনৰ নিম্ন প্ৰাথমিক ৩৫১ খন, উচ্চ প্ৰাথমিক ৫১ খন , কম্পজিত ২৩ খন, আৰু ডিমৌ শিক্ষা খণ্ডৰ মুঠ ৪২৩ খনৰ নিম্ন প্ৰাথমিক ৩৩০ খন , উচ্চ প্ৰাথমিক ৫৯ খন , কম্পজিত ৩৪ খন বিদ্যালয়ৰ সৰ্বমুঠ ১৪৭০ খন বিদ্যালয়ৰ ৫৮১১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মুখত গুণোৎসৱৰ স্ব মূল্যায়নত অংশগ্ৰহণ কৰিছে। ইয়াৰ নিম্ম বুনিয়াদী ৬ খন আৰু উচ্চ বুনিয়াদি ২ খনো আছে। আৰু আজি বিদ্যালয় বিদ্যালয় সমুহত অনুষ্ঠিত হোৱা গুণোৎসৱৰ সুন্দৰ পৰিৱেশে ছাত্ৰ-ছাত্ৰী সকলক এক নতুনত্ব মাত্ৰা প্ৰদান কৰিছে। এই পৰিৱেশে বিদ্যালয়সমূহত স্থায়ীভাৱে প্ৰতিষ্ঠা হ’লে নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উন্নত নোহোৱাৰ সম্ভাৱনা নাথাকিব বুলি থাৱৰ কৰিব পাৰি। গুণোৎসৱে বিদ্যালয় সমূহৰ পূৰ্বৰ ৰূপ বদলি কৰা পৰিলক্ষিত হৈছে। এই পৰীক্ষাত কোন কোন বিদ্যালয়ে, কোন কোন ছাত্ৰ-ছাত্ৰীয়ে আৰু কোন চিআৰচি সফলতাৰ জখলাৰ শীৰ্ষত উপনীত হ’ব পৰে তাত ফলাফললৈ অপেক্ষা কৰিব লাগিব।

আজি শিৱসাগৰ জিলাত অন্তৰ্গত কেইখনমান বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰীৰ মাজৰ গুণোৎসৱ নামৰ অসম শিক্ষা বিভাগৰ এই প্ৰচেষ্টাটো যে এক যুদ্ধকালীন নতুনত্ব পৰিৱেশ সৃষ্টি কৰিছে ই নিশ্চিত হব যদিহে বিদ্যালয় সমূহত এই শৈক্ষিক পৰিবেশ স্থায়ী ভাবে প্ৰতিষ্ঠা লাভ কৰিব ।

উল্লেখ্য যে গুণোৎসৱৰ আৰম্ভণীৰ দিনা অৰ্থাৎ আজি ( ১০ অক্টোবৰ) প্ৰতিখন শিক্ষানুস্থানে স্বমূল্যায়ন সম্পন্ন কৰাৰ পাছত ১১, ১২ আৰু ১৩ অক্টোবৰত একোজন ৰাজপ্ৰতিত নিযুক্ত বিষয়াই পৰিদৰ্শক হিচাপে মুঠ তিনিখনকৈ বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে নিৰ্দ্ধাৰিত মূল্যায়ন সম্পন্ন কৰিব৷ এইক্ষেত্ৰত শিৱসাগৰ জিলাৰ জিলা উপায়ুক্ত নাৰায়ণ কোৱৰ , অতিৰিক্ত উপায়ুক্ত অশ্বিনি কুমাৰ দলে , মুন গগৈ , বিদিত দাস , জিলা উন্নয়ন আয়ুক্ত অভিজিৎ বৰুৱা , শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলৰ প্ৰচেষ্টাক শলাগিব লগীয় বিষয়ত পৰিণত হৈছে। আনহাতে জিলাখনৰ প্ৰতিটো বিভাগৰ প্ৰায় বিষয়াই গুণোৎসৱত জড়িত হৈ পৰিছে ।

Related Articles

Leave a Reply

Close