অসম

শিৱসাগৰ জিলাৰ পৰশ জ্যোতি দাসলৈ ড° আম্বেদকাৰ বঁটা

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলাৰ ২ নং চাউলকৰা গাঁও (আখৈফুটীয়া)ৰ নিবাসী শ্ৰী কাশীৰাম দাস আৰু শ্ৰী নিৰু দাসৰ কনিষ্ঠ পুত্ৰ পৰশ জ্যোতি দাসক ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে ড° আম্বেদকাৰ নেচনেল ফেলশ্বিপ এৱাৰ্ডৰ বাবে নিৰ্বাচিত কৰিছে। অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৩৩ সংখ্যক অধিবেশনত এই বঁটা প্ৰদান কৰা হ’ব।

সামাজিক, সাংস্কৃতিক আৰু সাহিত্যৰ জগতখনৰ লগত বিশেষভাৱে জড়িত পৰশ জ্যোতি দাস বৃত্তিগতভাৱে শিৱসাগৰ জিলাৰ এজন অধিবক্তা। ইয়াৰোপৰি তেওঁ নিজা অঞ্চলৰ উদীয়মান সাংস্কৃতিক গোষ্ঠীৰ লগতে বিভিন্ন অনুস্থান প্ৰতিষ্ঠানৰ লগত জড়িত। তেওঁ এজন কবি হিচাপেও পৰিচিত। বিভিন্ন কাকত আলোচনীত বিভিন্ন কবিতা লিখাৰ উপৰিও “তোমাৰ উপযোগী হ’বলৈ কিহৰ প্ৰয়োজন মোক ( জুন, ২০১২)” আৰু “এদিন বৰ অহংকাৰী হ’ম মই (নবেম্বৰ ২০‍১৬)” তেখেতৰ দুখন প্ৰকাশিত কবিতাৰ সংকলন। ইয়াৰোপৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশিত তেখেতৰ গল্প আৰু বিভিন্ন প্ৰবন্ধ তথা সমালোচনাত্মাক লিখনীয়ে তেখতক গল্পকাৰ তথা লিখক হিচাপে চিনাকি দি আহিছে॥ তেখেতে লিখা গল্পৰ ভিতৰত “স্পন্দন”, “স্বাধীনতা তাকো লাগে”, “শেষ নিশা”, “সময়ৰ বাব”, “এটি বিষন্ন হাহিঁ”, “হেপ্পী নিউ ইয়েৰ”, “দেট ইজ অ’লছ’ ইম্পৰটেন্ট্ মেটাৰ” আদিয়ে অন্যতম॥ তেখেতৰ দ্বাৰা লিখিত “বহ বহ বহ” শীৰ্ষক এটি ৰহস্য গল্পও আছে॥ ইয়াৰোপৰি তেখেতে অসমৰ কৈৱৰ্ত সকলৰ সন্দৰ্ভত লিখা এলানি ইতিহাসমূলক লিখনি অসমৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে।

ইয়াৰোপৰি “ক্ৰিয়েটিভ মাইণ্ড ড্ৰামা টিম”ৰ তেখেত পৰিচালক॥ তেখেতে লিখা বিভিন্ন একাংকিকা নাটৰ ভিতৰত “ঘৰ সংসাৰ”, “বান্দৰবাৰী প্ৰথমিক চিকিৎসা কেন্দ্ৰ”, “ঘটিতু ক’ত গ’ল”, “পৰিবৰ্তন”, “আমাৰ নাটক” আদিয়ে অন্যতম॥ নিচেই সৰু কালৰে পৰা তেওঁ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন মঞ্চত নিজা নাট নিজা পৰিচালনা আৰু নিজা অভিনয়ৰে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। তেওঁ বৰ্তমান সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শিৱসাগৰ জিলাৰ অনুসূচিত জাতি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত তেওঁ সদায়ে মাত মাতি আহিছে॥ অনুসূচিত জাতি ৰাইজৰ উন্নয়নৰ কাৰণে তেওঁ বিভিন্ন সময়ত বিভিন্ন কৰ্মপন্থা অৱলম্বন কৰি আহিছে। কেৱল অনুসূচিত জাতি ৰাইজৰ উন্নয়নৰ মাজতে সীমাবদ্ধ নাথাকি অসমৰ বৃহত্তৰ স্বাৰ্থত তেখেতৰ সংগ্ৰামী সত্তাক প্ৰদৰ্শন কৰি আহিছে। তেখেতৰ এই সফলতাত তেওঁৰ পৰিয়াল বৰ্গ, আখৈফুটিয়াৰ অঞ্চলবাসী ৰাইজ, উদীয়মান সাংস্কৃতিক গোষ্ঠী, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জন শুভাকাংক্ষীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close