অসম

শিৱসাগৰ পৌৰসভাৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

প্ৰথম খবৰ, শিৱসাগৰ: দেশৰ ৫০০ খন চহৰৰ অন্যতম চহৰ শিৱসাগৰ চহৰখন স্বচ্চতাৰে সুন্দৰ কৰি ৰখাৰ ওপৰত জাতীয় পিতা মহাত্মা গান্ধী ১৪৮ সংখ্যক জন্মদিৱস উপলক্ষে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰে। স্বচ্ছাতাই সেৱা স্বচ্ছ সংকল্প দ্বাৰা স্বচ্ছ সিদ্ধিৰ উদ্দেশ্য আগত ৰাখি শিৱসাগৰ পৌৰসভাই অনুষ্ঠিত কৰা গান্ধীজয়ন্তীৰ প্ৰথম কাৰ্যসূচী নগৰখনৰ জনসাধাৰণক চহৰখন পৰিস্কাৰ কৰি ৰখাৰ প্ৰয়াসেৰে এক সজাগতা সমদল বাহিৰ কৰে। এই সমদলত নগৰখনৰ কেওঁটা ৱাৰ্ডৰ লগতে নগৰৰ আত্মসহায়ক মহিলা গোটসমূহৰ প্ৰায় ৫০০ মহিলাই হাতে হাতে প্লে কাৰ্ডলৈ অংশগ্ৰহণ কৰে।

দ্বিতীয় কাৰ্যসূচীত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাঙ্গনত স্বচ্ছতা অভিযানৰ ওপৰত তিনিটা শাখাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। শিৱসাগৰ জিলা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত উপায়ুক্ত অশ্বিনি কুমাৰ দলে উদ্বোধন কৰা আৰু শিৱসাগৰ পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিংহই আদৰণি জনোৱা উক্ত প্ৰতিযোগিতাত নগৰখনৰ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণেৰে প্ৰতিযোগিতাখনি অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।

দিনৰ ২ বজাৰ পৰা শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভাত শিক্ষাবিদ তথা শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অৱসপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ দিপালী চলিহা, শিক্ষাবিদ খগেন্দ নাথ ভূঞাক সম্বৰ্ধনা জনাই। শিৱসাগৰ পৌৰপতি মৃদুস্মিতা সিংহৰ পৌৰহিত্য অনুষ্ঠিত হোৱা আৰু অশ্বিনি কুমাৰ দলেই আঁত ধৰা মুকলি সভাত নাট্যকাৰ তথা ” চিনিঅৰ ফেলচিফ একাডেমি অৱ ইণ্ডিয়াৰ ফেকাল্টি ” প্ৰশান্ত শৰ্মাই অংশগ্ৰহণ কৰে।

উক্ত সভাতে প্ৰতিযোগিতাৰ বিজেতাসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে অৰুন্ধতী বৰাই প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই অনুষ্ঠানত সোঁণত সুৱগা চৰোৱাৰ উপৰিও লক্ষ্মীনগৰৰ মহিলাসকলৰদ্বাৰা “চেতনা ” নামৰ নাটক মঞ্চস্থ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close