অসমশীৰ্ষ

শেষ হোৱা নাই মানৱতা

গহপুৰৰ পৰা ভুৱন শইকীয়া, প্ৰথম খবৰ: গহপুৰ মহকুমাৰ গমিৰিৰ এৰা সুঁতিৰ এটি দৰিদ্ৰ পৰিয়ালৰ জন্মগ্ৰহণ কৰিছিল শিশুটিয়ে। জন্মৰেপৰা শিশুটিৰ কঁকালত আছিল এটা টিউমাৰ। দহমহীয়া শিশুটিৰ টিউমাৰটো ক্ৰমশঃ ডাঙৰ হৈ আহিছিল। পিতৃ ৰাজু নেউপানী, মাতৃ ৰত্না নেউপানীৰ চিন্তা দিনক দিনে বৃদ্ধি পাইছিল।

তেজপুৰ, বিশ্বনাথ চাৰিআলিৰ চিকিৎসকৰ ওচৰলৈ নিয়াত উন্নত চিকিৎসাৰ পৰামৰ্শ দিছিল। হাতত নাছিল ধন। হতাশ হৈ পৰিছিল তেওঁলোক। তেনে সময়তে গমিৰিৰ সমাজ সচেতক যুৱক চন্দন আচাৰ্যই মোৰ লগত যোগাযোগ কৰে। মই গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ উপঅধীক্ষকৰ লগতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শিশুটিৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰোঁ।সমান্তৰালকৈ ফেচবুকৰ জৰিয়তে শিশুটিৰ পৰিয়াল বৰ্গক চিকিৎসাৰ ক্ষেত্রত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰোঁ। বিশ্বনাথ জিলা উপায়ুক্ত অসিতাক্ষ চক্ৰৱৰ্তী, গহপুৰ মহকুমাৰ মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাস, বিশ্বনাথ জিলা গোখা ছাত্ৰ সন্থা, স্বেচ্ছাসেৱী সংগঠন দৃষ্টি, সমাজসেৱী উদয় আদিত্য গোস্বামী, কটন কলেজৰ ছাত্ৰ হিৰণ্য হাজৰিকা, দিছপুৰ কলেজৰ মনীষ শৰ্মা, গমিৰিৰ প্ৰাঞ্জল শৰ্মা, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ যাদৱ চলিহা, ৰাজীৱ বৰা,ব্যৱসায়ী জিতু শৰ্মা, ভৰত বৰা, ব্ৰজ ঘোষ, তৰুণ বৰাকে ধৰি বিভিন্ন জনে বিভিন্ন ক্ষেত্রত সহায়ৰ হাত আগবঢ়ালে।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ উপঅধীক্ষক অভিজিত শৰ্মাই সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা ব্যৱস্থা কৰিলে। শিশুটিৰ জটিল অপাৰেচন জি এম চি এইছত সফলতাৰে সম্পন্ন হৈ গ’ল।এতিয়াও শিশুটি পিতৃ-মাতৃৰ লগত জি এম চি এইছতে থকা বুলি পিতৃ ৰাজু নেউপানীয়ে জনাইছে। সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়া বাবে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জি এম চি এইছৰ উপঅধীক্ষক অভিজিত শৰ্মাক অশেষ ধন্যবাদ। লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্নায়ু ৰোগ বিভাগৰ সকলো চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিশ্বনাথ জিলাৰ উপায়ুক্ত অসিতাক্ষ চক্ৰৱৰ্তী,গহপুৰৰ মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাস ,বিশ্বনাথ জিলা গোখা ছাত্র সন্থা, দৃষ্টিকে ধৰি যি সকল লোকে তেওঁৰ চিকিৎসাৰ ক্ষেত্রত বিভিন্ন দিশত সহায় কৰিছিল সকলোকে ধন্যবাদ।শিশুটি সোনকালে সম্পূৰ্ণ সুস্থ হৈ উঠক। এয়ে ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা।

Related Articles

Leave a Reply

Close