Uncategorizedঅসম

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি

নগাঁৱৰপৰা বাহদুদ জামান, প্ৰথম খবৰ: ” বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ শেষ আশা- ভৰসাস্থল বহু প্ৰত্যাশীত এন আৰ চিক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয়। ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলো ভাৰতীয় নাগৰিককে অ’ আই হিচাপে চিহ্নিত কৰি এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰক। ধৰ্মৰ নামত বিভাজন সহ্য কৰা নহ’ব। ” – এই মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুখ্য উপদেষ্টা অধ্যাপক নাজিৰ হুছেইন সৰকাৰৰ।

নগাঁও চহৰৰ এলফিনিষ্টন সভাগৃহত কালি সন্ধ্যা সামৰণি পৰা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশ লৈ নাজিৰ সৰকাৰে এইদৰে মন্তব্য কৰি কয় – ৰাজ্যত অতীজৰে পৰা বসবাস কৰা সংখ্যালঘু জনগোষ্ঠীৰ লগতে আন জাতি-জনগোষ্ঠীয় লোকসকলৰ সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত আমি সমানে মাত মাতিব লাগিব। তেহে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ’ব। সংগঠনটোৰ জিলা সমিতিৰ সভাপতি ফকৰ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সভাপতি আব্দুল আজিজে কয় – যিহেতু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ কাম মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি আছে আৰু ন্যায়ালয়ৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আছে। সেয়ে ৰাজনৈতিক প্ৰভাৱ খঠুৱাই কোনেও এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰা উচিত নহয়। একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ আদায়ৰ বাবেই একাংশ‌ই সমগ্ৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰাৰ লগতে বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে।

এন আৰ চিক লৈ সৰ্বসাধাৰণ ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় – এই ক্ষেত্ৰত ৰাইজে উৰা-বাতৰিক বিশ্বাস কৰিব নালাগে। সংখ্যালঘু সকল দীৰ্ঘদিন ধৰি নাগৰিকত্বৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰি আজিজে আৰু কয় -নিজৰ ন্যাৰ্য প্ৰাপ্যৰ বাবে আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব লাগিব। কেবা শতাধিক প্ৰতিনিধি উপস্থিত থকা সভাত সংগঠনটোৰ কেন্দ্ৰীয় উপ -সভাপতি হুছাইন আহমদ, সম্পাদক আবু বক্কৰ ছিদ্দিক, বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মন্নান ফাৰুকী, নগাঁও নাগৰিক ঐক্য মঞ্চৰ সভাপতি চৰকাৰ গিয়াছ উদ্দিন, সাধাৰণ সম্পাদক আলহাজ নুৰুল আমিন, সংখ্যালঘু সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি আব্দুল মজিদ ফাৰুকী, অধিবক্তা হুমায়ুন কবিৰ, নগাঁও জিলা আমছুৰ সভাপতি মোছাৰফ হুছেইন কবিৰ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে। নিশাৰ ভাগত অনুষ্ঠিত প্ৰতিনিধি সভাত এহিয়া হাচান আনচাৰীক সভাপতি, বাহাৰুল ইছলামক কাৰ্যকৰী সভাপতি,খাইৰুল ইছলাম, হুমায়ুন কবিৰসহ ছয়জনক উপ-সভাপতি, জাহাঙ্গিৰ আলম আৰু চাব্বিৰ আলীক সাধাৰণ সম্পাদক, আতাউৰ ৰহমান,আজিজুৰ ৰহমান,শ্বৰিফুল ইছলাম,আবুল বাসাৰ খানক সম্পাদক আৰু ফকৰুল উদ্দিনক কোষাধ্যক্ষ হিচাপে লৈ ৩৫ জনীয়া জিলা সমিতি গঠন কৰা হয়।

 

Related Articles

Leave a Reply

Close