অসম

সত্যকাম সংঘৰ ফুটবলত ঢোলকুছি ট্ৰাইবেল সংঘ চেম্পিয়ন 

প্ৰথম খবৰ, নিউজ ব্যুৰ’: ঢোলকুছি সত্যকাম সংঘ আৰু যুৱ সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় সংঘৰ খেল পথাৰত চলি থকা ধাৰেশ্বৰ দাস আৰু নৰেশ্বৰ দাস সোৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ  ফাইনেল খেলখন ঢোলকুছি ট্ৰাইবেল সংঘ আৰু জাৰকোনা জংগল ক্লাবৰ মাজত অনুষ্ঠিত হয়। এই উত্তেজনাময় খেল খন ১-১ গলত ড্ৰ হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত ৪-৩ গলত ঢোলকুছি ট্ৰাইবেল সংঘ জয়ী হৈ ফাইনেলৰ চেম্পিয়ন খিতাপ অৰ্জন কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, সতীশ ডেকা, বাহাৰুল ইছলাম আৰু শ্ৰীকান্ত দাসে।

ফাইনেল খেলখনৰ শুভ উদ্বোধনী কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু বিটিএডিৰ ইএম মহেশ্বৰ  বসুমতাৰীয়ে। ফাইনেল খেলখনৰ শ্ৰেষ্ঠ  খেলুৱৈ  বঁটা লাভ কৰে  জাৰকোনা জংগল ক্লাবৰ খেলুৱৈ  বিপুল  বড়ো আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ  খেলুৱৈ  বঁটা লাভ কৰে  ঢোলকুছি ট্ৰাইবেল সংঘ খেলুৱৈ বিলম বড়োয়ে।

Related Articles

Leave a Reply

Close