অসম

সন্ত্ৰাসবাদ নিপাত যাওঁক, নাজিৰাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

প্ৰথম খবৰ, শিমলুগুৰি: ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিষ্ফোৰণত নিহত হোৱা সকলৰ আত্মাৰ সদগতিৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাজিৰাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি ভাস্কৰজ্যোতি মহন্তই আঁতধৰা উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰাক্তন যুৱ ছাত্ৰ নেতা তথা সংবাদকৰ্মী দিলীপ হাজৰিকাই।

ইয়াৰ পিছতে মৌন প্ৰাৰ্থনা কৰা হয়। উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক অনুপম দত্ত, বুবুল দত্তও উপস্থিত থাকে।

Related Articles

Leave a Reply

Close