Home / অসম / সমন্বয়ৰ ক্ষেত্ৰ নলবাৰীৰ মাঁ মহাকালী আশ্ৰমত শ্যাম পূজা উদযাপন 

সমন্বয়ৰ ক্ষেত্ৰ নলবাৰীৰ মাঁ মহাকালী আশ্ৰমত শ্যাম পূজা উদযাপন 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: ১৯৮৩ চনতে আচাৰ্য, তান্ত্ৰিক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰাজীৱ গোস্বামীৰ প্ৰচেষ্টাত নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ( গনেশ মন্দিৰ চক) খুদিয়াতস্থ মা মহাকালী আশ্ৰমত ধৰ্মীয় ৰীতি নীতিৰে যোৱা নিশা শ্যাম পূজা ও দীপাৱলী উদযাপন কৰা হয়। উল্লেখ্য যে, মা মহাকালী আশ্ৰমৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে প্ৰতিজন লোকে শাৰীৰিক, মানসিক, আধ্যাত্মিক দিশত আগবঢ়াই নি পৃথিৱীখনত সুখ শান্তি, সমৃদ্ধিৰে জীয়াই থকাৰ প্ৰেৰণা দিয়া।

তান্ত্ৰিক ৰাজীৱ গোস্বামীয়ে মা মহাকালীৰ আশীৰ্বাদত ইতিমধ্যে বহুতৰ পথৰ সন্ধান দিবলৈ সক্ষম হৈছে। সেয়েহে মা মহাকালীৰ আশীষ বিচাৰি দৈনিক উত্তৰ পূব ভাৰতৰ ভিতৰত সৰ্ববৃহৎ আধ্যাত্মিক , মাৰ্গদৰ্শক খুদিয়াৰ মা মহাকালী আশ্ৰমত ইতিমধ্যে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, বিভিন্ন ভিভি আই পি আদিকে ধৰি ৰাজ্য তথা দেশ -বিদেশৰ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাগম ঘটে । মূলত কালী সাধক ৰাজীৱ গোস্বামী ধ্যান ধাৰণাৰ বিশেষত্ব আছে বুলি ভক্ত সকলৰ মাজত প্ৰচলিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*