শেহতীয়া
Home / অসম / সমন্বয়ৰ প্ৰতীক কলগাছিয়া গ্ৰন্থ মেলাঃ মাইনী মহন্ত

সমন্বয়ৰ প্ৰতীক কলগাছিয়া গ্ৰন্থ মেলাঃ মাইনী মহন্ত

কলগাছিয়াৰপৰা ৰকিবুল হাছান, প্ৰথম খবৰ: আজিৰে পৰা ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে অষ্টম কলগাছিয়া গ্ৰন্থ মেলা। গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হৈ পৰা গ্ৰন্থ মেলাৰ বাকৰিত আজি আবেলি দুই বজাত কলগাছিয়া গ্ৰন্থ মেলাৰ শুভ উদ্বোধনী সভা অনুষ্ঠিত হয়। এই উদ্বোধনী উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভা যাত্ৰাৰ আয়োজন কৰা হয়।

গ্ৰন্থ মেলাৰ মূল তোৰণৰ ফিতা কাটি দ্বাৰ উন্মোচন কৰে ডি ৱাই ৩৬৫ৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈ আৰু সহযোগ কৰে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা, নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্তৰ লগতে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। ইয়াৰ পিছতেই অষ্টম গ্ৰন্থ মেলা উপলক্ষে ৮ খন পতাকা উত্তোলন কৰা হয়। গ্ৰন্থ মেলা আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক আব্দুল খালেকৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট সাংবাদিক নৰেশ কলিতাই ভাষন প্ৰসংগত কয় যে, কলগাছিয়া গ্ৰন্থ মেলাই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । বৰ্তমান পৰিৱেশত পঢ়ুৱৈৰ সংখ্যা কমিছে যদিও এই গ্ৰন্থ মেলাৰ জৰিয়তে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

সভাত ডি ৱাই ৩৬৫ ৰ সাংবাদিক প্ৰনয় বৰদলৈ, নন্দিনীৰ সম্পাদক মাইনী মহন্ত উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাত মাইনী মহন্তই কয় যে, কলগাছিয়া গ্ৰন্থ মেলাত সমন্বয়ৰ পৰিৱেশ দেখি আপ্লুত হৈছো। চহৰৰ জাকজমকতাপূৰ্ণ আৰু বহুজাতিক কোম্পানী সমূহৰ বিজ্ঞাপনৰ পয়োভৰৰ বিপৰীতে কলগাছিয়াত অনুষ্ঠিত এই গ্ৰন্থ মেলাই প্ৰকৃত গ্ৰন্থ মেলাৰ সোৱাদ বিলাইছে বুলি উল্লেখ কৰে মহন্তই। সভাত বিশিষ্ট সাবাদিক প্ৰণয় বৰদলৈয়ে কলগাছিয়াৰ গ্ৰন্থ মেলাই সম্প্ৰীতিৰ বাণী কঢ়িয়াইছে বুলি উল্লেখ কৰাৰ লগতে কলগাছিয়াৰ নিচিনা অঞ্চলত একেৰাহে অষ্টমবাৰৰ বাবে গ্ৰন্থ মেলা আয়োজন আয়োজক সমিতিৰ এক বৃহৎ সফলতা বুলি উল্লেখ কৰে।

ইয়াৰোপৰি সভাত প্ৰা: মন্ত্ৰী ওৱাজেদ আলী চৌধুৰী, কলগাছিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা চক্ৰ বিষয়া অজিৎ কলিতা, ৰূপসী খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে ভাষণ আগবঢ়াই অষ্টম কলগাছিয়া গ্ৰন্থমেলাৰ সফলতা কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*