অসম

সাংবাদিক হত্যাৰ প্রতিবাদত অৰুণাচল প্ৰদেশত ৰেলী

জোনাইৰ পৰা অনুজ প্ৰজাপতি, প্ৰথম খবৰ: পূব চিয়াং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত সমগ্র দেশৰ লগতে পাছিঘাটতো সাংবাদিক হত্যাৰ প্ৰতিবাদত এক প্ৰতিবাদী ৰেলী উলিওৱা হয়। পাছিঘাট সদৰৰ পৰা এই প্ৰতিবাদী ৰেলীত পূব চিয়াং জিলাৰ বিভিন্ন বাতৰি কাকতৰ লগতে বৈদুতিন মাধ্যমৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে।

সাংবাদিকক সুৰক্ষা দিয়ক, আমাক ন্যায় দিয়ক, সাংবাদিকৰ হত্যা কৰা বন্ধ কৰক ইত্যাদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।
ৰেলীৰ অন্তত অৰুণাচলৰ কেন্দ্ৰীয় ৰেঞ্জৰ ডি আই জি জন নেহালাইয়াক সাংবাদিকৰ প্ৰতি আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ মৌখিক আহ্বান জনাই। ইফালে, আজিৰ এই প্ৰতিবাদী ৰেলী ডব্লিউ এ এচ ই নামৰ মহিলা সংগঠনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই ৰেলীত অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close